September 10, 2024 9:23 PM September 10, 2024 9:23 PM
5
জ্ঞানপীঠ সন্মানপ্রাপক যশস্বী কবি, শিক্ষাবিদ নীলমণি ফুকনৰ জন্মবার্ষিকী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন
জ্ঞানপীঠ সন্মানপ্রাপক যশস্বী কবি, সমালোচক, শিক্ষাবিদ নীলমণি ফুকনৰ জন্মবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হয়। কবিতাৰ ভাষাৰে অ' মোৰ সপোনৰ সূৰ্যৰ মানুহ বুলি সম্বোধন কৰি সময়ৰ আহ্বান আৰু মানৱীয়তাৰ প্ৰমূল্যক চকু মেলি চাবলৈ শিকোৱা কবিগৰাকীৰ ১৯৩৩ চনৰ আজিৰ দিনটোতে গোলাঘাট জিলাৰ দেৰগাঁৱত জন্ম হৈছিল। ১৯৮১ চনত কবিতা শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটাৰে সন্মানিত কবিগৰাকীক ১৯৯০ চনত কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। ১৯৯৭ চনত অসম উপত্যকা স...