May 17, 2024 12:33 PM

views 35

এলাৰ্ডা কাপ বক্সিং প্রতিযোগিতাত নিখত জাৰিন ফাইনেলত প্ৰৱেশ

সাম্প্রতিক বিশ্ব চেম্পিয়ন ভাৰতৰ নিখত জাৰিনে কাজাখস্তানৰ আস্তানাত অনুষ্ঠিত চলিত বৰ্ষৰ এলাৰ্ডা কাপ বক্সিং প্রতিযোগিতাৰ মহিলাৰ ৫২ কিল'গ্রাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত কালি নিখটে আয়োজক দেশৰ টমিৰিছ মাইজাকুলৰ বিৰুদ্ধে ৫-০ গেমত বিজয় সাব্যস্ত কৰে। নিখটৰ উপৰি ৪৮ কিল'গ্রাম ওজন শাখাত মিনাক্ষী, ৫০ কিল'গ্রাম ওজন শাখাত অনামিকা আৰু ৬০ কিল'গ্ৰাম ওজন শাখাত মনীষায়ো ফাইনেলত স্থান নিশ্চিত কৰিছে। মিনাক্ষী আৰু মনীষাই ছেমি ফাইনেলত একেধৰণৰ আধিপত্য প্ৰদৰ্শন কৰি ৫-০ গেমত জয়লাভ কৰে। মিনাক্ষীয়ে কাজা...