July 31, 2025 1:33 PM

views 88

অহা ৬ আগষ্টত ৰাজ্য চৰকাৰৰ ধ্বজাবাহী আঁচনি নিযুত মইনাৰ দ্বিতীয় পর্যায় শুভাৰম্ভ

ৰাজ্য চৰকাৰৰ ধ্বজাবাহী আঁচনি নিযুত মইনাৰ দ্বিতীয় পর্যায় অহা ৬ আগষ্টত শুভাৰম্ভ কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই আঁচনি ৰূপায়ণ সন্দৰ্ভত কালি ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে এখন বৈঠকত মন্ত্ৰী-বিধায়ক, জিলা আয়ুক্ত, শিক্ষানুষ্ঠানৰ অধ্যক্ষ আৰু শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনা কৰে। উচ্চতৰ মাধ্যমিক, স্নাতক, স্নাতকোত্তৰ আৰু সংহত শিক্ষক প্রশিক্ষণ কাৰ্যসূচী তথা বি এড পাঠ্যক্রম গ্ৰহণৰ বাবে যোগ্য ছাত্ৰীসকলক প্ৰপত্ৰ বিতৰণৰ জৰিয়তে এই আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। আঁচনিখনে যাতে সর্বাধিক সংখ্যক ছাত...