November 25, 2024 8:24 PM

views 14

নিশিনাথ চাংকাকতিৰ শেষকৃত্য আজি নৱগ্ৰহ শ্মশানত আৰক্ষীৰ বিশেষ মর্যাদাৰে সম্পন্ন

অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্রধান নিশিনাথ চাংকাকতিৰ শেষকৃত্য আজি নৱগ্ৰহ শ্মশানত আৰক্ষীৰ বিশেষ মর্যাদাৰে সম্পন্ন কৰা হয়। অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে উলুবাৰীত অৱস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত চাংকাকতিক শেষ শ্রদ্ধা জনোৱা হয়। দেওবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৯১ বছৰ বয়সত দেহাৱসান হোৱা চাংকাকতিয়ে ১৯৮৮ চনত আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা চাংকাকতি এজন সুদক্ষ আৰু বিষয়া হোৱাৰ লগতে সুলেখক হিচাপেও জনপ্ৰিয় আছিল।