September 27, 2024 1:07 PM

views 15

ৰাজ্যৰ ভিন্ন স্থানত আই ই ডি সদৃশ সামগ্ৰী সংস্থাপনৰ মূল অভিযুক্তক এন আই এৰ গ্ৰেপ্তাৰ

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (এন আই এ)ই ৰাজ্যখনৰ বিভিন্ন স্থানত আই ই ডি সদৃশ সামগ্ৰী সংস্থাপনৰ ঘটনাৰ মূল অভিযুক্তজনক কালি গ্ৰেপ্তাৰ কৰে। গিৰীশ বৰুৱা ওৰফে গৌতম বৰুৱা নামৰ এই লোকজনক বেংগালুৰুৰ উপকণ্ঠ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। চলিত বছৰৰ স্বাধীনতা দিৱস উদযাপনৰ প্ৰতিবাদ জনাই উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে ৰাজ্যজুৰি বিভিন্ন স্থানত এনে ধৰণৰ বিস্ফোৰক সামগ্ৰী সংস্থাপন কৰা ঘটনাৰ গোচৰত এই লোকজনক গ্ৰেপ্তাৰ কৰা হয়। লোকজনক বেংগালুৰুৰ এন আই এ আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে গুৱাহাটীৰ এন আই এৰ বিশেষ আদালতত হ...