April 11, 2025 9:50 AM

views 13

২০০৮ চনৰ ২৬ নৱেম্বৰৰ মুম্বাইৰ আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী তহব্বুৰ হুছেইনক গ্ৰেপ্তাৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰত্যৰ্পণৰ পাছত ২০০৮ চনৰ ২৬ নৱেম্বৰৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী তহববুৰ হুছেইন ৰাণাক কালি ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন. আই. এয়ে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে। লছ এঞ্জেলেছৰ পৰা এখন বিশেষ বিমানেৰে ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনী আৰু এন. আই. এৰ জ্যেষ্ঠ বিষয়াসকলৰ এটা দল ৰাণাক লৈ কালি নতুন দিল্লীত উপস্থিত হয়। বিমান বন্দৰত এন. আই. এৰ তদন্তকাৰী দলে যাৱতীয় আইনী আনুষ্ঠিকতা সম্পূৰ্ণ কৰাৰ পাছত মূলতঃ ছিকাগো নিৱাসী পাকিস্তানীমূলৰ কানাডাৰ নাগৰিক ৰাণাক গ্ৰেপ্তাৰ কৰে । স...