October 26, 2025 12:37 PM October 26, 2025 12:37 PM
13
সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত সুদীর্ঘ ২২ বছৰৰ মূৰত পৰীক্ষামূলকভাবে ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ পাছতে বিভিন্ন দল-সংগঠনৰ প্রতিক্রিয়া
গেৰুকামুখত অৱস্থিত সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত সুদীর্ঘ ২২ বছৰৰ মূৰত পৰহি পৰীক্ষামূলকভাবে ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ পাছতে বিভিন্ন দল-সংগঠনে প্রতিক্রিয়া ব্যক্ত কৰে। নির্মাণকাৰী সংস্থা এন এইচ পি চিৰ মুখ্য পৰিচালন সঞ্চালক ভূপেন্দ্র গুপ্তাই জলবিদ্যুৎ প্রকল্পটোৰ মুঠ ৮টা টার্বাইনৰ ১ নম্বৰ ইউনিটটো মুকলি কৰি বিদ্যুৎ উৎপাদনৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে ২০০৩ চনৰ পৰা নিৰ্মাণ আৰম্ভ কৰা প্ৰকল্পটোৰ বিৰোধিতাৰে সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি কুৰিৰ...