March 29, 2025 9:11 PM

views 17

গেৰুকামুখত নির্মীয়মাণ সোৱনশিৰি জলবিদ্যুৎ প্রকল্পত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু

ধেমাজী জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নির্মীয়মান সোৱনশিৰি জলবিদ্যুৎ প্রকল্পত কৰ্মৰত অৱস্থাত আজি এগৰাকী শ্ৰমিকৰ মৃত্যু হয়। শ্রমিকজন গোগামুখৰ ওখমাটি বদতিৰ অবিনাশ দলে বুলি জানিব পৰা গৈছে। পাৱাৰ হাউছত কাম কৰি থকা অৱস্থাত সুউচ্চ স্থানৰ পৰা তললৈ পৰি যোৱাৰ ফলত শ্রমিকজনৰ মৃত্যু হয়। উল্লেখযোগ্য যে অহা মাহত এই প্ৰকল্পটোৰ পৰা ৭০০ মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্যৰে এন এইচ পি চি কৰ্তৃপক্ষই নির্মাণকার্য দ্রুত গতিত চলাই আছে।