November 3, 2025 9:44 PM November 3, 2025 9:44 PM

views 7

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কৰ্মচাৰী সন্থাৰ ৰাজ্যজুৰি ধৰ্মঘট

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে আজিৰে পৰা স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে ৰাজ্যজুৰি ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰিছে। কৰ্মচাৰীসকলৰ সংশোধিত দৰমহাৰ হাৰ বলৱৎ কৰি বেতন সুৰক্ষাসহ দৰমহা আয়োগ আৰু উচ্চতম ন্যায়ালয়ৰ ৰায় অনুযায়ী সম-কামৰ বিপৰীতে সম-দৰমহা আৰু সম-অধিকাৰ প্ৰদানৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে ২০২১ চনত অসম ৰাজপত্ৰৰ জাননী অনুযায়ী সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলৰো পেন্সন, মৃত্যুৰ পৰৱৰ...

October 29, 2025 8:34 PM October 29, 2025 8:34 PM

views 35

গুৱাহাটীৰ চচলত এন এইচ এম কৰ্মচাৰীসকলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

সমান কামৰ বাবে সমান দৰমহা আৰু চাকৰি নিয়মীয়া কৰণৰ দাবীৰে আজি ৰাজ্যৰ এন এইচ এম কৰ্মচাৰীসকলে গুৱাহাটীৰ চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্যৰ স্বাস্থ্য খণ্ডত নিয়োজিত হৈ থকা এই কৰ্মচাৰীসকলে বিগত সময়ছোৱাত প্ৰাপ্য আদায়ৰ বাবে চৰকাৰক অনুৰোধ জনাই আহিছিল যদিও ৰাজ্য চৰকাৰে বিষয়টো সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ নকৰাত আজি চচলত সহস্ৰাধিক কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰে এন এইচ এম কৰ্মীসকলৰ দাবী পূৰণ নকৰিলে অনাগত সময়ত প্রতিবাদ অব্যাহত থাকিব বুলি তেওঁলোকে ঘোষণা কৰিছে।