December 14, 2024 9:07 PM

views 13

পথ সুৰক্ষা বৃদ্ধি আৰু নিৰীক্ষণ ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে ‘ৰাজমাৰ্গ সাথী’ বাহনৰ পৰিকল্পনা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথ সুৰক্ষা বৃদ্ধি আৰু নিৰীক্ষণ ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে ৰাজমাৰ্গ সাথী নামৰ বাহন নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। যোগাযোগ আৰু সুৰক্ষা আহিলাৰে সু-সজ্জিত এই বাহনসমূহে চলাচলৰ সময়ত হোৱা বিঘিনি কম কৰা আৰু পথ সুৰক্ষা উন্নত কৰাত সহায় কৰিব। এই বাহনসমূহত কৃত্রিম বুদ্ধিমত্তা চালিত কেমেৰা থাকিব আৰু এই কেমেৰাৰ জৰিয়তে পথৰ গাঁত চিনাক্ত কৰিব পৰা যাব।