December 25, 2025 10:42 AM

views 37

অসমকে ধৰি উত্তৰ-পূবৰ ছখন ৰাজ্যলৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত ৬৬০ কোটি টকা আবণ্টন

কেন্দ্ৰীয় চৰকাৰে অসমকে ধৰি উত্তৰ-পূবৰ ছখন ৰাজ্যলৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰ্যৰ বাবে অতিৰিক্ত ৬৬০ কোটি টকাৰ আবণ্টন দিছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত এই ৰাজ্যসমূহৰ লোকনির্মাণ, পথ নির্মাণ বিভাগ আদিৰ দ্বাৰা ৰূপায়িত এই প্রকল্পসমূহৰ বাবে এই ধনৰাশি মুকলি কৰা হৈছে। ইয়াৰ ফলত এই কাৰ্যৰ বাবে আবণ্টিত মুঠ ধনৰ পৰিমাণ ২৯৮০ কোটি টকালৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে অসমৰ উপৰি অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, ছিকিম আৰু ত্ৰিপুৰালৈ ২৩২০ কোটি টকা আবণ্টন দিয়া হৈছিল। এইবাৰ অসমৰ বাবে ৩৫০ কোটি টকা অধিক আবণ্টন দিয়া হৈছে।