May 31, 2024 7:56 PM

views 20

মাজুলীত বেচৰকাৰী সংগঠনৰ উদ্যোগত জাবৰৰ ব্যৱস্থাপনা সন্দৰ্ভত এখন সজাগতামূলক সভা

মাজুলীৰ আউনীআটি উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এটা বেচৰকাৰী সংগঠনৰ উদ্যোগত জাবৰৰ ব্যৱস্থাপনা সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। ষষ্ঠ মানৰ পৰা দশম মান শ্ৰেণীৰ ১৫২জন ছাত্র- ছাত্ৰীয়ে এই সভাত অংশগ্ৰহণ কৰে। সভাৰ অন্তত ছাত্র-ছাত্রীসকলে শুকান, ভিজা আৰু ঘৰুৱা বিপজ্জনক জাৱৰক ঠাইতে পৃথক কৰি সঠিক ব্যৱস্থাপনা আঁকোৱালি লৈ জাৱৰমুক্ত মাজুলী গঢ়াৰ শপত লয়। উল্লেখযোগ্য যে বেচৰকাৰী সংগঠনটোৱে দেশৰ বিভিন্ন ৰাজ্যত জাৱৰ ব্যৱস্থাপনাৰ দিশত কাম কৰাৰ লগতে মাজুলীতো স্বচ্ছ মাজুলী ‘মোৰ মাজুলী প্ৰকল্পৰ অধীনত যোৱা ফেব্ৰ...