October 26, 2025 8:04 PM

views 58

সতর্কতা, আমাৰ সামূহিক দায়বদ্ধতা- বিষয়বস্তুৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সতর্কতা সজাগতা সপ্তাহ

উত্তৰ-পূব সীমান্ত ৰে'লৱেই ২৭ অক্টোবৰৰ পৰা ২ নৱেম্বৰলৈ সতর্কতা সজাগতা সপ্তাহ পালন কৰিব। এই বছৰ এই সপ্তাহৰ বিষয়বস্তু হৈছে সতর্কতা, আমাৰ সামূহিক দায়বদ্ধতা। কেন্দ্রীয় সতর্কতা আয়োগৰ নিৰ্দেশ অনুসৰি ৰে'লৱেই সমগ্ৰ মণ্ডলটোত প্ৰতিৰোধমূলক সতর্কতা ব্যবস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে ১৮ আগষ্টৰ পৰা ১৭ নৱেম্বৰলৈ অভিযান ৰূপায়ণ কৰিছে। ৰে'লৱেৰ কাম-কাজৰ সকলো স্তৰত সততা, স্বচ্ছতা আৰু দায়বদ্ধতা অক্ষুণ্ণ ৰখাৰ বাবে এই কাৰ্যসূচী লোৱা হৈছে। এই অনুসৰি কাইলৈ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য কার্যালয়ত মহাপ্ৰবন্ধৰ কাৰ্যালয়ৰ সন্...