April 16, 2025 12:18 PM

views 23

চি ই আই আৰ পোৰ্টেলৰ সহায়ত হেৰুওৱা মোবাইল ফোন উদ্ধাৰ কৰাৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ সফলতা লাভ

উত্তৰ-পূব সীমান্ত ৰে'লৱেই চেণ্ট্ৰেল ইকুইপমেণ্ট আইডেন্টিটি ৰেজিষ্টাৰ, চি ই আই আৰ পোৰ্টেলৰ সহায়ত হেৰুওৱা মোবাইল ফোন উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিছে। যোৱা বছৰৰ ২০ এপ্ৰিলৰ পৰা চলিত মাহলৈকে ৫২৮টা মোবাইল ফোনৰ সন্ধান উলিওৱা হয়। এই পদক্ষেপে যাত্ৰীৰ নিৰাপত্তা নিশ্চিতকৰণ আৰু তাৎক্ষণিকভাৱে ৰাজহুৱা সেৱা প্ৰদান কৰাৰ দিশত প্ৰযুক্তিৰ বৰ্ধিত ভূমিকাক প্ৰতিফলিত কৰিছে বুলি উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৱে উল্লেখ কৰা মতে ৰে'লৱে সুৰক্ষা বাহিনী আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰচেষ্টাৰে...