February 20, 2025 8:58 PM February 20, 2025 8:58 PM

views 12

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধীনৰ লামডিং-ডিব্ৰুগড় সংযোগী ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধীনৰ লামডিং-ডিব্ৰুগড় সংযোগী ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু শিমলুগুৰি ডিব্ৰুগড় খণ্ডৰ ৰেলৱে বৈদ্যুতিকৰণ প্ৰকল্পৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এই কথা প্ৰকাশ কৰিছে। যোৱা ৩১ জানুৱাৰীত মৰিয়নি-শিমলুগুৰি-ডিব্ৰুগড় খণ্ডৰ বাবে বৈদ্যুতিক লোকোমটিভৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰা হয় বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য বৈদ্যুতিক অভিযন্তাই কালি আৰু আজি এই সমগ্ৰ খণ্ডট...

December 26, 2024 12:32 PM December 26, 2024 12:32 PM

views 10

মানৱবিহীন লেভেল ক্ৰ’চিংৰ ৮০৯টাত বেৰিকেড দিয়াৰ কাম সম্পূৰ্ণ উত্তৰ-পূব সীমান্তৰ ৰে’লৱেৰ

উত্তৰ-পূব সীমান্তৰ ৰে'লৱেই সঘনাই দুৰ্ঘটনা সংঘটিত হোৱা মুঠ ৯৫০টা মানৱবিহীন লেভেল ক্ৰ'চিং চিনাক্ত কৰি ইয়াৰে ৮০৯টাত বেৰিকেড দিয়াৰ কাম সম্পূৰ্ণ কৰিছে। ৰে'ল বিভাগে জনোৱা অনুসৰি তিনিচুকীয়া ২৩৫টা, লামডিঙত ২২১টা, ৰঙিয়া ৮৮টা, আলিপুৰদুৱাৰত ১৭১টা আৰু কাটিহাৰত ৯৪টা স্থানত বেৰিকে স্থাপন কৰা হৈছে। উল্লেখযোগ্য যে নিয়ম নামানি ৰে'লপথ অতিক্ৰম কৰাটো দণ্ডনীয় অপৰাধ যদিও সাধাৰণ নাগৰিকে বিষয়টো আওকান কৰাৰ ফলত সঘনাই এনে স্থানসমূহত দুৰ্ঘটনা আৰু প্ৰাণহানিৰ ঘটনা সংঘটিত হৈ আহিছে। সেয়েহে ৰে'ল সুৰক্ষা বাহিনীয়ে শিক্ষা...

December 13, 2024 7:30 PM December 13, 2024 7:30 PM

views 8

ৰে’লযাত্ৰাক অধিক সুৰক্ষিত আৰু নিৰাপদৰ বাবে ৩১ টা ষ্টেছনত ক্লেপ টাইপ লকিঙৰ সৈতে থিক ৱেৱ চুইচ পইণ্ট মেচিন স্থাপন উত্তৰ পূৱ সীমান্ত ৰে’লৱে

উত্তৰ পূৱ সীমান্ত ৰে’লৱে ৰে’লযাত্ৰাক অধিক সুৰক্ষিত আৰু নিৰাপদ কৰি তোলাৰ বাবে সংমণ্ডলটোৰ ৩১ টা ষ্টেছনত ক্লেপ টাইপ লকিঙৰ সৈতে থিক ৱেৱ চুইচ পইণ্ট মেচিন স্থাপন কৰিছে। উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই কয়, যে এই সংমণ্ডলৰ অন্তৰ্গত কেইবাটাও খণ্ডত চিগনেলিং প্রণালী উন্নীত কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ২০২৪ চনৰ নৱেম্বৰ মাহৰ সময়ছোৱাত কাতিহাৰৰ ৪ খন লেভেল ক্ৰছিং গেট, আলিপুৰ দুৱাৰৰ এখন আৰু লামডিং মণ্ডলৰ দুখন লেভেল ক্ৰছিং গেটৰ শাইদিং বুম স্থাপন কৰা হৈছে ব...

November 7, 2024 8:29 PM November 7, 2024 8:29 PM

views 48

উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ্থে কাইলৈৰ পৰা ১৬৪ খন বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে’লৱেই উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ্থে কাইলৈৰ পৰা ১৬৪ খন বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা কৰিছে। উৎসৱ পালনৰ পাছত নিজ নিজ ঘৰলৈ যাব বিছৰা যাত্ৰীসকল ইয়াৰ পৰা লাভান্বিত হ’ব। ৰে'লৱেই পৰৱৰ্তী তিনি দিনত প্ৰায় ৪৭৬ খন ৰে’লগাড়ী চলোৱাৰ পৰিকল্পনা কৰিছে।

November 4, 2024 6:35 PM November 4, 2024 6:35 PM

views 28

ষট পূজা উপলক্ষে ৰে’ল বিভাগৰ যাত্ৰীৰ সুবিধাৰ্থে বিশেষ ৰে’লৰ ব্যৱস্থা

ষট পূজা উপলক্ষে ৰে’ল বিভাগে যাত্ৰীৰ সুবিধা আৰু সুচল যাত্ৰাৰ বাবে বিশেষ ৰে’লগাড়ী চলোৱাৰ ব্যৱস্থা কৰিছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজি ১৮৫ খন বিশেষ ৰে'ল গাড়ী চলোৱা হৈছে আৰু প্ৰায় ২৫খন উৎসৱ বিশেষ ৰে'ল দিল্লী এন চি আৰৰ পৰা বিভিন্ন প্ৰান্তলৈ চলোৱা হৈছে। ইয়াৰ ভিতৰত ছাহৰছা, বাৰানসী, আয়োধ্যা, লক্ষ্ণৌ, পাটনা, মুজাফৰপুৰ, গোড়খপুৰ, প্ৰয়াগৰাজ, দ্বাৰভাংগা, ইন্দোৰ আৰু থিৰুৱানন্তপুৰমলৈ বিশেষ ৰে'লগাড়ী চলোৱাৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত উত্তৰ ৰে'লৱেৰ মুখ্য জনসংযোগ বিষয়া হিমাংশু ...

November 1, 2024 12:58 PM November 1, 2024 12:58 PM

views 12

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অতিৰিক্ত ৮ খন বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

উত্তৰ-পূব সীমান্ত ৰে'লৱেই উৎসৱ উপলক্ষে জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত ৮ খন বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত ৮ খন ৰে'লৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়ে। নিউ জলপাইগুৰিৰ পৰা গোমতীনগৰ, ৰাঁচিৰ পৰা পুৰ্ণীয়া কৰ্ট, কাটিহাৰৰ পৰা গোমতীনগৰ, টাটানগৰ জংছনৰ পৰা কাটিহাৰ, গুৱাহাটীৰ পৰা গোমতীনগৰ, চণ্ডিগড়ৰ পৰা কাটিহাৰ, আগৰতলাৰ পৰা ধৰ্মানগৰ আৰু আগৰতলাৰ পৰা ছাৰুমলৈ বিশেষ ৰে'লৰ ব্যৱস্থা ক...

October 26, 2024 6:53 PM October 26, 2024 6:53 PM

views 14

উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ১২ খন বিশেষ ৰে’লগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত

উত্তৰ পূৱ সীমান্ত ৰে’লৱে উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে ১২ খন বিশেষ ৰে’লগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে। এই অনুসৰি এখন বিশেষ ৰে’ল বৈষ্ণোদেৱী কাত্ৰাৰ পৰা ২৮ অক্টোবৰ আৰু ২ নৱেম্বৰত সন্ধিয়া ৬.৪৫ মিনিটত যাত্ৰা কৰি ৩০ অক্টোবৰ আৰু ৪ নৱেম্বৰৰ নিশা ১০ বজাত কামাখ্যাত উপস্থিত হ’ব। একেদৰে ৰে’লখন ৩১ অক্টোবৰ আৰু ৫ নৱেম্বৰত কামাখ্যাৰ পৰা পুৱা ৬ বজাত যাত্ৰা কৰি ২ আৰু ৭ নৱেম্বৰৰ পুৱা ৬ বাজি ২০ মিনিটত কাত্ৰাত উপস্থিত হ’ব। এই সময়ছোৱাৰ বাবে কাতিহাৰৰ পৰা মনিহাৰী সংযোগী দুখন ৰে’ল ২৫...

September 6, 2024 8:53 PM September 6, 2024 8:53 PM

views 18

উৎকৃষ্টমানৰ ৰে’লসেৱা প্ৰদানৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ বিষয়ববীয়াসকলক এখন সুকীয়া মণ্ডল গঠনৰ আহ্বান সাংসদ ৰকিবুল হুছেইনৰ

সাংসদ ৰকিবুল হুছেইনে অসম তথা উত্তৰ-পূৱৰ ৰাইজক উৎকৃষ্টমানৰ ৰে’লসেৱা প্ৰদানৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ বিষয়ববীয়াসকলক এখন সুকীয়া মণ্ডল গঠন কৰাৰ বাবে আহ্বান জনাইছে। উত্তৰ-পূৱ সীমান্ত ৰেলত প্ৰায় ৮ হেজাৰ পদ খালী হৈ আছে বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে এই খালী পদসমূহত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীক নিযুক্তি দিয়াৰ বাবেও দাবী জনায়। ধুবুৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলা আয়ুক্ত দিবাকৰ নাথৰ উপস্থিতিত উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ বিষয়ববীয়াসকলৰ সৈতে সাংসদগৰাকীয়ে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে।...

August 21, 2024 8:38 PM August 21, 2024 8:38 PM

views 12

চলিত বছৰৰ ১ জানুৱাৰীৰ পৰা ১৫ আগষ্টলৈকে ২২৫জন অবৈধ প্ৰব্ৰজনকাৰী আৰু ১৬জন ভাৰতীয় এজেণ্টক আটক ৰে’লৱেৰ সুৰক্ষা বাহিনীৰ

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ সুৰক্ষা বাহিনীয়ে চলিত বছৰৰ ১ জানুৱাৰীৰ পৰা যোৱা ১৫ আগষ্টপর্যন্ত ৰে’লৱে’ৰ অধীনৰ বিভিন্ন তালাচী চলাই ২২৫জন অবৈধ প্ৰব্ৰজনকাৰী আৰু ১৬জন ভাৰতীয় এজেণ্টক আটক কৰে। ৰে’লৱে' আৰক্ষীয়ে ষ্টেচনৰ লগতে ৰে'লত যাতায়াত কৰা অবৈধ প্ৰব্ৰজনকাৰী, ৰোহিংগিয়া আৰু অন্য সন্দেহযুক্ত লোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। এনে লোক চিনাক্ত হোৱা মাত্ৰেই আৰক্ষীয়ে ততালিকে কৰায়ত্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে।

July 31, 2024 11:07 AM July 31, 2024 11:07 AM

views 15

২০৩০ চনৰ ভিতৰত শূণ্য কাৰ্বন নির্গমনৰ লক্ষ্যত উপনীত হ’ব : উত্তৰ পূব সীমান্ত ৰে’লৱে

ভাৰতীয় ৰেল নীতিৰ সৈতে সংগতি ৰাখি উত্তৰ পূব সীমান্ত ৰেল ২০৩০ চনৰ ভিতৰত শূণ্য কাৰ্বন নির্গমনৰ লক্ষ্যত উপনীত হ'বলৈ অগ্ৰসৰ হৈছে। জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ প্ৰয়াসেৰে উত্তৰ পূব সীমান্ত ৰেলৱেই সমগ্ৰ সংমণ্ডল সেৱা ভৱন আৰু অন্যান্য প্রতিষ্ঠানসমূহত মুধচৰ ওপৰৰ সৌৰ শক্তি স্থাপনেৰে অধিক সেউজ শক্তি উৎপাদনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। নবীকৰণযোগ্য শক্তিৰ জৰিয়তে নিজৰ চাহিদা পূৰণ কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰেলৱেই নবীকৰণযোগ্য উৎসৰ পৰা ১ দশমিক ৪-৫ মিলিয়ন ইউনিট শক্তি উৎপাদন কৰিছে, যাৰ ফলত যোৱা এপ্রিল...