July 16, 2025 10:15 PM

views 20

বাইহাটা, চাংসাৰি, কেন্দুকোনা, আগিয়াঠুৰী, ৰঙিয়া ষ্টেচন পৰিদৰ্শন উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে কালি ৰঙিয়া সংমণ্ডলৰ অধীনৰ বাইহাটা, চাংসাৰি, কেন্দুকোনা, আগিয়াঠুৰী আৰু ৰঙিয়া ষ্টেচন পৰিদৰ্শন কৰি ৰে'লৰ আন্তঃগাঁথনি পৰ্যালোচনা কৰে। তেওঁ ৰে'ল ষ্টেচন কেইটাৰ যাত্ৰীৰ সা-সুবিধা, ৰে'ল চলাচলৰ সুৰক্ষা ব্যৱস্থা আৰু ছিগনেলিং আন্তঃগাঁথনিৰ বুজ লয়। মহাপ্ৰৱন্ধকগৰাকীয়ে বাইহাটাত নতুন গতিশক্তি কার্গো টার্মিনেলৰ উন্নয়ন কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। এই টার্মিনেলত তিনিবিধ নির্দিষ্ট সামগ্ৰীৰ বাবে পৃথক ৰে’ল লাইন দুখন মালবাহী ৰে’লগাড়ীৰ প্লেটফৰ্ম আৰু মালবাহ...