October 31, 2025 7:08 PM

views 25

আকাশবাণীত আজি ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী বাতৰি পৰিৱেশন প্রতিযোগিতা ২০২৫ৰ পুৰস্কাৰসমূহ প্ৰদান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী বাতৰি পৰিৱেশন প্রতিযোগিতা ২০২৫ৰ পুৰস্কাৰসমূহ আজি প্ৰদান কৰা হয়। আকাশবাণী গুৱাহাটীৰ সন্মিলন কক্ষত দিনৰ ২ বজাত অনুষ্ঠিত বাঁটা বিতৰণি অনুষ্ঠানত নিষ্ঠা বৰগোহাঁই-প্রথম, দিব্যা আত্রে-দ্বিতীয়, অন্বেষা ফুকন আৰু ৰোহিত গাওঁখোৱাক যুটীয়াভাবে তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়। এই বঁটা বিতৰণী অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মুৰববী ৰবীন বড়োয়ে আদৰণি ভাষণ আগবঢ়ায়। অনুষ্ঠানসমূহৰ মুৰববী কৰ্ডলিন থেংকুৱে প্রতিযোগীসকলক শুভেচ্ছা জনাই আকাশবাণীৰ বাতৰি আৰ...

September 11, 2025 12:30 PM

views 29

আকাশবাণী গুৱাহাটীৰ বাতৰি পঢ়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক

আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োঁতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্রতিযোগীয়ে সাম্প্রতিক ঘটনাৱলী সম্পৰ্কীয় ১ মিনিটৰ বাতৰিৰ অ'ডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি ২৪ ছেপ্তেম্বৰৰ পূৰ্বে এম-পি থ্ৰী ৰূপত হোৱাট্‌ছএপযোগে পঠিয়াব লাগিব। হোৱাট্‌ছএপ নম্বৰকে ধৰি প্রতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্রতিযোগীয়ে আমাৰ ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী চাব পাৰে।

September 4, 2025 7:02 PM

views 22

গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োঁতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্রতিযোগীয়ে সাম্প্রতিক ঘটনাৱলী সম্পৰ্কীয় ১ মিনিটৰ বাতৰিৰ অ'ডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি ২৪ ছেপ্তেম্বৰৰ পূৰ্বে এম-পি থ্ৰী ৰূপত হোৱাট্‌ছএপযোগে পঠিয়াব লাগিব। হোৱাট্‌ছএপ নম্বৰকে ধৰি প্রতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্ৰতিযোগীয়ে আমাৰ ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী চাব পাৰে।

September 1, 2025 3:29 PM

views 26

প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি পঢ়া প্ৰতিযোগিতা

● আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে আন আন বছৰৰ দৰে এইবাৰো বাতৰি বিভাগৰ তৰফৰ পৰা এখন অনলাইন বাতৰি পঢ়া প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি এই প্ৰতিযোগিতাৰ ভাষা হ'ব অসমীয়া আৰু সময় ১ মিনিট নিৰ্ধাৰণ কৰা হৈছে। ইচ্ছুক প্রতিযোগীয়ে সাম্প্রতিক ঘটনাৱলী সম্পৰ্কত সংবাদ মাধ্যমত প্রকাশিত বাতৰি আকাশবাণীৰ বাবে উপযুক্ত ৰূপত মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি এম-পি থ্ৰী ৰূপত ৯৭১৬৬৮০৯৬৯, ৯৮৬৪৩৯৩১৫৫ আ...