March 23, 2025 11:21 AM

views 20

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত সহযোগিতা শক্তিশালী হৈছে : প্ৰধানমন্ত্ৰী ক্রিষ্টফাৰ লাক্সন

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টফাৰ লাক্সনে তেওঁৰ চলিত সপ্তাহৰ ভাৰত ভ্ৰমণৰ পাছত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সহযোগিতা শক্তিশালী হোৱা বুলি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়া ভাৰত ভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়ে সামাজিক মাধ্যম এক্স যোগ প্ৰকাশ কৰিছে। এই ভ্ৰমণ কালত প্ৰতিৰক্ষা, বাণিজ্যকে ধৰি বিভিন্ন খণ্ডত লাভ কৰা সফলতাৰ বিষয়েও তেওঁ আলোকপাত কৰিছে। উল্লেখযোগ্য যে, প্রধানমন্ত্ৰী ৰূপে লাক্সনৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ আছিল আৰু এই ভ্ৰমণ কালত দ্বিপাক্ষিত সম্পৰ্ক সুদৃঢ়কৰণত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল ৷