January 1, 2025 6:27 PM
17
নৱবৰ্ষ উপলক্ষে দেশৰ জনসাধাৰণলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
সমগ্র বিশ্বই আতচবাজি, সাংস্কৃতিক অনুষ্ঠান আৰু আনন্দ-উল্লাসেৰে ইংৰাজী নৱবৰ্ষ-২০২৫ক আদৰণি জনাইছে। বিশ্বৰ আন প্ৰান্তৰ লগতে ভাৰততো উৎসাহ-উদ্দীপনাৰে নৱবৰ্ষ উদযাপন কৰা দেখা গৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱবৰ্ষ উপলক্ষে দেশৰ জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। নৱবৰ্ষৰ শুভেচ্ছা জনাই দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুৰ্মুৱে জনসাধাৰণক একেলগে কাম কৰি এখন উন্নত, সৰ্বাত্মক আৰু বহনক্ষম ৰাষ্ট্ৰ গঢ়ি তুলিবলৈ সংকল্প লোৱাৰ বাবে আহ্বান জনায়...