December 27, 2024 11:22 AM December 27, 2024 11:22 AM
5
নৱবৰ্ষৰ প্ৰথম দিনটোত ৰাজ্য চৰকাৰে জনসেৱাৰ কেইবাটাও কামৰ শুভাৰম্ভ কৰিবঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা
নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্য চৰকাৰে জনসেৱাৰ কেইবাটাও কামৰ শুভাৰম্ভ কৰিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সেই অনুসৰি অহা পহিলা জানুৱাৰীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ প'ৰ্টেল মুকলি কৰা হ'ব। ইতিমধ্যে ১ লাখ ৫৪ হাজাৰ লোকে ইয়াৰ বাবে নাম পঞ্জীয়ন কৰিছে। এইবাৰ চৰকাৰে ৭৫ হাজাৰ যুৱক-যুৱতীক এই আঁচনিৰ জৰিয়তে প্রথম কিস্তিৰ ১ লাখ টকাকৈ আর্থিক সাহায্য প্ৰদান কৰিব। ইয়াৰ পূৰ্বে প্ৰথম পৰ্যায়ত ২৫ হেজাৰ যুৱক-যুৱতীক এক লাখ টকাকৈ দিয়া হৈছিল। প্ৰথম পৰ্যায়ত ধন ...