January 1, 2025 8:51 PM
19
ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত ধৰ্মীয় স্থান, বনভোজথলীসমূহত ব্যাপক জনসমাগম
ইংৰাজী নৱবৰ্ষ ২০২৫-ৰ আজি পহিলা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ মাজত নৱবৰ্ষ উদযাপনৰ উৎসাহ-উদ্দীপনাই বিৰাজ কৰে। নতুন বছৰটোত নিজৰ লগতে পৰিয়ালৰ কুশল কামনা কৰি নেদেখাজনৰ আশিস ল’বলৈ আজি পুৱাতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় স্থানসমূহত অগণন লোকৰ সমাগম হয়। শিৱসাগৰ জিলাতো ৰাইজে আজি ব্যাপক উৎসাহ-উদ্দীপনাৰে নৱবৰ্ষ উদযাপন কৰে। শিৱসাগৰ নগৰৰ ইতিহাস প্রসিদ্ধ ৰংঘৰ বাকৰি, তলাতল ঘৰ প্ৰাঙ্গন আদিৰ লগতে দিচাংমুখ দিখৌমুখৰ বনভোজথলীসমূহত ব্যাপক জনসমাগম দেখা যায়। জিলাখনৰ মন্দিৰ-মছজিদ-গির্জাসমূহত নেদেখ...