August 8, 2025 8:12 PM

views 12

২০ ছেপ্তেম্বৰত দিল্লীৰ পৰা গুৱাহাটী হৈ শিলচৰলৈ ইন্দিগো বিমান সেৱা আৰম্ভ

অহা ২০ ছেপ্তেম্বৰত দিল্লীৰ পৰা গুৱাহাটী হৈ শিলচৰলৈ পুৱাৰ ভাগত ইন্দিগো বিমান সেৱা আৰম্ভ হ’ব। বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায়ে আজি এই বিষয়ে প্ৰকাশ কৰে। সেই অনুসৰি বিমানখন দিল্লীৰ পৰা যাত্ৰা কৰি পুৱা চাৰি বাজি ৪৫ মিনিটত গুৱাহাটীত অৱতৰণ কৰিব আৰু পুৱা ৭ বাজি ৪০ মিনিটত পুনৰ শিলচৰলৈ যাত্ৰা কৰিব। শিলচৰৰ পৰা পুৱা ৯ বাজি ২০ মিনিটত গুৱাহাটীলৈ বিমানখন উৰা মাৰিব। বিমানখনে দৈনিক দিল্লীৰ পৰা শিলচৰ অভিমুখে যাত্ৰা কৰিব।