November 21, 2025 8:21 PM
29
বজালী জিলা কৃষি বিষয়াৰ কাৰ্যালয় উদ্বোধন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ
বজালী জিলাত আজি কৃষি বিভাগৰ বজালী জিলা কৃষি বিষয়াৰ এটা কাৰ্যালয় স্থাপন কৰা হয়। বজালী জিলা গঠন হোৱাৰ পাছতো জিলাখনত কৃষি বিভাগৰ কাৰ্যালয় মহকুমা পৰ্যায়তে আছিল। নকৈ স্থাপন কৰা এই কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ এই কৃষি বিষয়াৰ কাৰ্যালয়টোত ভাৰপ্ৰাপ্ত জিলা কৃষি বিষয়া হিচাপে কৃষি বিষয়া ভূমিধৰ দত্তক দায়িত্ব অৰ্পণ কৰা হয়। আজিৰ অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে কেবাগৰাকীও কৃষি বিষয়া আৰু বজালী জিলা বিজেপিৰ বহুকেইগৰাকী বিষয়ববীয়া তথা কর্মী উপস্থিত থাকে।