December 31, 2025 8:18 PM
21
ড০ হেমেন কুমাৰ কলিতাক ভাৰতীয় বায়ু সেনাত ফ্লাইং অফিচাৰ হিচাপে নিযুক্তি
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ হেমেন কুমাৰ কলিতাক ভাৰতীয় বায়ু সেনাত ফ্লাইং অফিচাৰ হিচাপে নিযুক্তি দিয়া হৈছে। শৈক্ষিক দায়িত্ব পালন কৰি থকা অৱস্থাত ভাৰতীয় বায়ু সেনাত নিযুক্তি লাভ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম শিক্ষক হিচাপে এই সাফল্য অর্জন কৰি ড০ কলিতাই বিশ্ববিদ্যালয়লৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিছে। ড০ কলিতাই প্রি-কমিচন প্রশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰি সমগ্র প্রশিক্ষণ কালত শৃংখলা, নেতৃত্ব গুণ আৰু পেচাদাৰী দক্ষতাৰ নিদৰ্শন দাঙি ধৰে। তেওঁ ক্রমে অফিচাৰ্ছ ট্রেইনিং একাডেমী...