August 2, 2025 10:51 PM

views 14

নতুন দিল্লীত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থীৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ

ৰাজ্যপালৰ অসম প্ৰতিভা উদগণিমূলক আঁচনি ২০২৫ ৰ অধীনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থীসকলৰ বাবে নতুন দিল্লীত বিনামুলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণৰ বাবে সদৌ অসম ভিত্তিক প্ৰতিভা সন্ধানী পৰীক্ষাৰ যোগেদি ১০ গৰাকী প্ৰাৰ্থীক বাছনি কৰা হ’ব। আগ্রহীসকলে ১০ আগষ্টৰ ভিতৰত gappy.assam.gov.in ৱেবছাইটৰ যোগেদি আবেদন কৰিব পাৰিব।