February 16, 2025 9:08 PM February 16, 2025 9:08 PM

views 11

নতুন দিল্লীৰ ৰে’ল ষ্টেচনত পদপিষ্ট হৈ কেইবাজনো লোক নিহত ঘটনাৰ ৰে’ল বিভাগৰ তদন্ত আৰম্ভ

নতুন দিল্লীৰ ৰে'ল ষ্টেচনত যোৱা নিশা হেঁচা ঠেলাৰ ফলত পদপিষ্ট হৈ কেইবাজনো লোক নিহত হোৱা ঘটনাৰ ৰে'ল বিভাগে নিজাববীয়া তদন্ত আৰম্ভ কৰিছে। উত্তৰ ৰে'লৱেৰ মুখ্য জন সম্পৰ্কৰক্ষী বিষয়া হিমাংশু শেখৰ উপাধ্যায়ে এই ঘটনাত শিশু-মহিলাসহ ১৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১৩ গৰাকী লোক আহত হোৱা বুলি প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ বাবে উচ্চ পৰ্য্যায়ৰ সমিতি গঠন কৰা বুলি শ্রীউপাধ্যায়ে সদৰী কৰিছে। ৰে'লৱেৰ মুখ্য বাণিজ্যিক পৰিচালক নৰসিংহ দেও আৰু মুখ্য সুৰক্ষা আয়ুক্ত পংকজ গাংগৱাৰৰ নেতৃত্বত গঠিত তদন্ত ক...