January 21, 2025 9:23 PM

views 13

নতুন দিল্লীত প্রধানমন্ত্রী জনজাতি আদিবাসী ন্যায় মহাঅভিযান-পি এম জনমন সন্দৰ্ভত জিলাধিপতিসকলৰ ৰাষ্ট্ৰীয় অভিৱৰ্তন

চৰকাৰে আজি নতুন দিল্লীত প্রধানমন্ত্রী জনজাতি আদিবাসী ন্যায় মহা-অভিযান-পি এম জনমন সন্দৰ্ভত জিলাধিপতিসকলৰ এখন ৰাষ্ট্ৰীয় অভিৱৰ্তনৰ আয়োজন কৰে। অভিৱৰ্তনত প্রধানমন্ত্ৰী জনমন অভিযানৰ অধীনত বাসগৃহ, পথ, অংগনৱাড়ী, বিদ্যালয় ছাত্ৰাৱাস, বহুমুখী কেন্দ্ৰ আৰু বনধন বিকাশ কেন্দ্ৰ এই ছটা মূল বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল অ'ৰামে উদ্বোধন কৰা এই অভিৱৰ্তনত দেশৰ ১৮ খন ৰাজ্যৰ মুঠ ৮৮ খন জিলাই প্রধানমন্ত্ৰী জনমন অভিযানৰ ৰূপায়ণ সম্পর্কে মতামত আগবঢ়ায়। চৰকাৰে অভিৱৰ্তনত অংশগ্ৰহণ কৰ...