January 6, 2026 12:22 PM

views 12

তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ

জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ে নতুন দিল্লীত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সৈতে কালি এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। একলব্য আদর্শ আবাসিক বিদ্যালয়সমূহৰ কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ জৰিয়তে সমৰ্থিত আন্তঃগাঁথনিৰ বিকাশ তথা সক্ষমতা নির্মাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি জনজাতি পৰিক্ৰমা সচিব ৰঞ্জনা চোপ্ৰাই কয় যে, এই চুক্তিৰ জৰিয়তে অ এন জি চিয়ে জনজাতীয় সম্প্রদায়সমূহৰ শিশুসকললৈ গুণগত শিক্ষা আগবঢ়োৱাৰ উদ্দেশ্যে একলব্য আদর্শ আবাসিক বিদ্যালয়সমূহৰ ব্য...

July 14, 2025 8:42 PM

views 16

২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত প্ৰাপ্তিৰ বাবে বিকশিত গাওঁ নিৰ্মাণ কৰিব লাগিব বুলি পেন্মাচানি চন্দ্ৰশেখৰৰ মন্তব্য

২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত প্ৰাপ্তিৰ বাবে বিকশিত গাওঁ নিৰ্মাণ কৰিব লাগিব। নতুন দিল্লীত আজি প্ৰদৰ্শন পর্যালোচনা সমিতিৰ প্ৰথমখন বৈঠকত অংশগ্ৰহণ কৰি গ্ৰামোন্নয়ন ৰাজ্যমন্ত্ৰী পেন্মাচানি চন্দ্ৰশেখৰে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে বিকশিত গাঁৱৰ প্ৰতিটো পৰিয়ালৰ মৌলিক সুবিধা থকা পকী ঘৰ, মানসম্পন্ন পথ, যুৱচামৰ কৰ্মসংস্থাপনৰ সুযোগ আৰু প্ৰতিগৰাকী মহিলা সৱলীকৃত হোৱাৰ লগতে আর্থিকভাৱে স্বাধীন হোৱা উচিত । এই লক্ষ্যত উপনীত হওঁতে গ্রামোন্নয়ন মন্ত্ৰালয়ৰ ভূমিকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, চৰকাৰে কেৱল আঁচনিসমূহ ...

May 27, 2025 8:23 PM

views 22

ভাৰতে সন্ত্ৰাসবাদৰ প্ৰতি পাকিস্তানে দি অহা সমর্থনক বিশ্বজুৰি উদঙাই দেখুওৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে

ভাৰতে সন্ত্ৰাসবাদৰ প্ৰতি পাকিস্তানে দি অহা সমর্থনক বিশ্বজুৰি উদঙাই দেখুওৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এই উদ্দেশ্যে গঠন কৰা সৰ্বদলীয় প্রতিনিধি দলে বিভিন্ন দেশ ভ্রমণ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে নতুন দিল্লীৰ শূন্য সহনশীলতাৰ বাৰ্তাৰ বিষয়ে অৱগত কৰিছে। বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদ নেতৃত্বাধীন সর্বদলীয় দলটোৱে আজি ফ্ৰান্সৰ ৰাজধানী পেৰিছত দেশখনৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰে। শ্ৰীপ্ৰসাদে কয়, যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃষ্টিভংগী স্পষ্ট আৰু বিষয়টো লৈ সমগ্ৰ বিশ্বই একেস্বৰে মাত মতাৰ আৱশ্...

May 7, 2025 1:36 PM

views 17

নতুন দিল্লীত গোলকীয় মহাকাশ অন্বেষণ সন্মিলন- গ্লেক্স ২০২৫ৰ দ্বাদশ সংস্কৰণ আয়োজন

ভাৰতে আজি নতুন দিল্লীত গোলকীয় মহাকাশ অন্বেষণ সন্মিলন- গ্লেক্স ২০২৫ৰ দ্বাদশ সংস্কৰণ আয়োজন কৰিছে। মহাকাশ আৰু পাৰমাণৱিক শক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে "ৰিচিং নিউ ৱৰ্ল্ডছ: এ স্পেচ এক্সপ্পোৰেচন ৰেনেছা" শীর্ষক তিনিদিনীয়া গোলকীয় সন্মিলনখন উদ্বোধন কৰিব। আন্তর্জাতিক মহাকাশচাৰী ফেডাৰেচন -আইএএফ, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা -ইছৰোৰ উদ্যোগত আৰু ভাৰতীয় মহাকাশচাৰী সমিতি-এএছআইৰ সহযোগত আয়োজিত এই সন্মিলনে গোলকীয় মহাকাশ খণ্ডত ভাৰতৰ বৰ্ধিত নেতৃত্বক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে। ২০১০চনৰ পৰা আ...

January 27, 2025 8:22 PM

views 24

নতুন দিল্লীৰ লালকিল্লাত আজি ভাৰত পৰ্ব অনুষ্ঠানৰ আয়োজন

দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে নতুন দিল্লীৰ লালকিল্লাত আজি ভাৰত পৰ্ব অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান অহা ৩১ জানুৱাৰী পৰ্যন্ত জনসাধাৰণৰ বাবে মুকলি থাকিব। এই অনুষ্ঠানত ভাগ লোৱা দৰ্শক-শ্রোতাসকলে গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰা সশস্ত্র বাহিনীৰ বেণ্ড, ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাংস্কৃতিক দলসমূহৰ প্ৰদৰ্শন, ভিন ভিন প্রতীকপট আদিকে ধৰি বিভিন্ন অনুষ্ঠানৰ অংশ বিশেষ দেখিবলৈ পাব। দেশৰ ভিন ভিন অংশৰ সাংস্কৃতিক ঐতিহ্যৰ মাজৰ গভীৰ সম্পৰ্কক প্ৰতিফলিত কৰা এই বেলিৰ ভাৰত পৰ...

July 15, 2024 12:34 PM

views 12

দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিশ্ব ঐতিহ্য সমিতিৰ বৈঠকৰ পৰিপ্ৰেক্ষিতত বিশ্ব ঐতিহ্য সমিতিৰ অধ্যক্ষক অসমীয়া পৰম্পৰাৰে আদৰণি

নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া বিশ্ব ঐতিহ্য সমিতিৰ বৈঠকৰ পৰিপ্ৰেক্ষিতত কালি অসম চৰকাৰৰ কার্যবাহীসকলে বিশ্ব ঐতিহ্য সমিতিৰ অধ্যক্ষক অসমীয়া পৰম্পৰাৰে আদৰণি জনায়। উল্লেখযোগ্য যে ইউনেস্ক'ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতত এই বৈঠক অনুষ্ঠিত হ'ব। অহা ২১ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই বৈঠকৰ কাৰণে ভাৰতৰ হৈ ৰাষ্ট্রদূত বিশাল শৰ্মাক অধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হৈছে। উল্লেখযোগ্য যে এই বৈঠকত অসমৰ বাবে চৰাইদেউৰ মৈদাম ক্ষেত্ৰসমূহ বিশ্ব ঐতিহ্যৰ তালিকাত স্থান লাভৰ বাবে ভাৰতৰ পৰা মনোনয়ন কৰা হৈছে।