June 30, 2024 6:48 PM June 30, 2024 6:48 PM
8
১ জুলাইৰ পৰা তিনিখন নতুন ফৌজদাৰী আইন বলবৎ উপলক্ষে অসম চৰকাৰৰ ন্যায় বিভাগ আৰু অসম আৰক্ষীৰ সহযোগত যাৱতীয় কাৰ্যব্যৱস্থা
সমগ্ৰ দেশজুৰি কাইলৈৰ পৰা তিনিখন নতুন ফৌজদাৰী আইন বলবৎ হ'ব। ঔপনিবেশিক সময়ৰ পৰা চলি অহা ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী বিধি আৰু ভাৰতীয় সাক্ষ্য আইনৰ পৰিৱৰ্তে কাইলৈৰ পৰা ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম নামৰ নতুন আইন তিনিখন বলবৎ হ'ব। অসম চৰকাৰে এই আইন তিনিখন ৰাজ্যত নিয়াৰিকৈ প্ৰৱৰ্তনৰ বাবে ন্যায় বিভাগ আৰু অসম আৰক্ষীৰ সহযোগত যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে। তদুপৰি নতুন আইনকেইখনৰ সফল ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে মুখ্য সচিবৰ নেতৃত্ব...