July 1, 2024 12:31 PM

views 19

আজিৰে পৰা সমগ্র দেশজুৰি তিনিখন নতুন ফৌজদাৰী আইন বলবৎ

সমগ্র দেশজুৰি আজিৰে পৰা তিনিখন নতুন ফৌজদাৰী আইন ক্রমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম নামৰ নতুন আইন কেইখন বলবৎ হ'ব। ভাৰত চৰকাৰে এই পৰিপ্ৰেক্ষিতত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত কৰিছে আৰু সকলোৱে এই নতুন ফৌজদাৰী আইন কেইখন ৰূপায়ন কৰাৰ ক্ষেত্ৰত প্ৰযুক্তি, দক্ষতা নির্মাণ তথা সজাগতা বৃদ্ধি কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে। নতুন আইন কেইখন ৰূপায়ন কৰাৰ বাবে আৰক্ষী আৰু অনুসন্ধান প্ৰাধিকৰণক সকলো ধৰণৰ প্ৰশিক্ষণ প্ৰদান ক...

June 30, 2024 12:23 PM

views 22

নতুনকৈ প্ৰৱৰ্তন হ’বলগীয়া তিনিখন নতুন ফৌজদাৰী আইন সন্দৰ্ভত গুৱাহাটীত কর্মশালা

দেশত কাইলৈ প্ৰৱৰ্তন হ'বলগীয়া তিনিখন নতুন ফৌজদাৰী আইন সন্দৰ্ভত আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন কর্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰা উপস্থিত থাকিব। অনুষ্ঠানটো দিনৰ চাৰে ১১ বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে দেশৰ জনসাধাৰণক ন্যায় প্ৰদানৰ লগতে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে কাইলৈৰ পৰা দেশত তিনিখন নতুন আইন বলবৎ হ'ব। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ...