April 16, 2025 8:18 PM

views 22

বি আৰ গাভাই পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে মনোনীত

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই বি আৰ গাভাইৰ নাম পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে মনোনীত কৰিছে। ন্যায়াধীশ গাভাই হৈছে উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশসকলৰ ভিতৰত দ্বিতীয় জ্যেষ্ঠ ন্যায়াধীশ আৰু পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে কেন্দ্রীয় ন্যায় মন্ত্ৰালয়ে তেওঁৰ নামটো মনোনীত কৰিছে। উল্লেখযোগ্য যে বৰ্তমানৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ অহা ১৩ মে'ত কাৰ্যকালৰ অন্ত পৰিব।

October 25, 2024 10:51 AM

views 20

ন্যায়াধীশ সঞ্জীৱ খান্না দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ

ন্যায়াধীশ সঞ্জীৱ খান্না দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ'ব। আইনমন্ত্ৰী অৰ্জুনৰাম মেঘৱালে সামাজিক মাধ্যম যোগে কৈছে যে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ সৈতে আলাপ আলোচনাৰ অন্তত ন্যায়াধীশ খান্নাক ১১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। ন্যায়াধীশ খান্না দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হ'ব আৰু তেওঁ অহা বছৰ ১৩ মে'ত অৱসৰ গ্ৰহণ কৰিব। ন্যায়াধীশ খান্নাই ২০১৯ চনৰ ১৮ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্য...