November 16, 2024 10:50 AM
11
ঝাঁচি চিকিৎসা মহাবিদ্যালয়ত হোৱা অগ্নিকাণ্ডত কমেও ১০টি নৱজাতকৰ মৃত্যু
উত্তৰ প্ৰদেশৰ ঝাঁচি চিকিৎসা মহাবিদ্যালয়ৰ নৱজাতকৰ ইণ্টেছিভ কেয়াৰ উইনিটত যোৱা নিশা হোৱা অগ্নিকাণ্ডৰ ঘটনাত কমেও ১০ টি নৱজাতক মৃত্যু ঘটে। জিলাধিপতি অৱিনাশ কুমাৰে সাংবাদিকৰ আগত কয়, যে সম্ভৱতঃ ছৰ্টচাৰ্কিটৰ বাবে নিশা প্রায় ১০ বাজি ৪৫ মিনিটত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। প্ৰাৰম্ভিক অৱস্থাত ১০ টি শিশুৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। চিকিৎসালয়ৰ বিষয়াসকলে প্ৰকাশ কৰা মতে অগ্নিকাণ্ডৰ সময়ত ইণ্টেছিভ কেয়াৰ উইনিট ৱাৰ্ডত ৫৪ টি নৱজাতক ভৰ্তি হৈ আছিল আৰু আবদ্ধ কেইবাটিও শিশুক উদ্ধাৰ কৰা হৈছে। উত্তৰ প্ৰদেশৰ ...