November 12, 2025 8:48 PM

views 17

কাইলৈ শিক্ষা বিভাগত ৮ হাজাৰৰো অধিক প্রার্থীক নিযুক্ত পত্ৰ

ৰাজ্যত স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে কাইলৈ শিক্ষা বিভাগত ৮ হাজাৰৰো অধিক প্রার্থীক নিযুক্ত পত্ৰ প্ৰদান কৰা হ'ব। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কাইলৈ বিয়লি এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগু উপস্থিত থাকিব। অনুষ্ঠানত উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ২৫২ গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্ৰ বিতৰণৰ উপৰি ৬২ গৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। একেদৰে মাধ্যমিক শিক্ষা সঞ্চালকালয...

March 14, 2025 8:11 PM

views 16

গুৱাহাটী উচ্চ ন্যায়ালয়ত অসম চৰকাৰৰ অধিবক্তা মাখন ফুকনক নিযুক্তি

জনসাধাৰণক নিৰপেক্ষ আৰু ক্ষীপ্ৰ ন্যায় প্ৰদানৰ বাবে চৰকাৰে পূৰ্বে ঘোষণা কৰা বিচাৰ নিৰীক্ষণ সঞ্চালকালয় গঠনৰ কাম সম্পূৰ্ণ হৈছে। এই সঞ্চালকালয়ৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ত অসম চৰকাৰৰ অধিবক্তা মাখন ফুকনক নিযুক্তি দিয়া হৈছে। অধিবক্তা ধনশে দাস, শান্তনু ভট্টাচার্য আৰু মানস হালৈক উপ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। এতিয়াৰে পৰা এই সঞ্চালকালয়ে অসম আৰক্ষীক গোচৰসমূহৰ সঠিক তদন্তৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াব। পূৰ্বতে আৰক্ষীৰ তদন্তত ৰৈ যোৱা আসোৱাসমূহ বিচাৰ নিৰীক্ষণ সঞ্চালকালয়ৰ তৰফৰ...