November 12, 2025 8:48 PM November 12, 2025 8:48 PM
7
কাইলৈ শিক্ষা বিভাগত ৮ হাজাৰৰো অধিক প্রার্থীক নিযুক্ত পত্ৰ
ৰাজ্যত স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে কাইলৈ শিক্ষা বিভাগত ৮ হাজাৰৰো অধিক প্রার্থীক নিযুক্ত পত্ৰ প্ৰদান কৰা হ'ব। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কাইলৈ বিয়লি এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগু উপস্থিত থাকিব। অনুষ্ঠানত উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ২৫২ গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্ৰ বিতৰণৰ উপৰি ৬২ গৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। একেদৰে মাধ্যমিক শিক্ষা সঞ্চালকালয...