November 28, 2024 11:46 AM

views 25

নেটৱৰ্ক প্ৰস্তুতি সূচ্যাংক প্রতিবেদন অনুসৰি চলিত বৰ্ষত ভাৰতৰ ৪৯সংখ্যক স্থান লাভ

চলিত বৰ্ষৰ নেটৱৰ্ক প্ৰস্তুতি সূচ্যাংক প্রতিবেদন অনুসৰি ভাৰত পূৰ্বতকৈ ১১টা স্থান আগবাঢ়ি ৪৯ সংখ্যক স্থানত আছে। ২০২৩ বৰ্ষৰ এই প্ৰতিবেদনত ভাৰতে ৬০ সংখ্যক স্থান লাভ কৰিছিল। বিগত ২১ নৱেম্বৰত প্ৰকাশ পোৱা প্ৰতিবেদনখনে প্রযুক্তি, জনসাধাৰণ, শাসন আৰু প্ৰভাৱৰ ক্ষেত্ৰত কৰা প্ৰদৰ্শনৰ ভিত্তিত ১৩৩খন দেশক সামৰি লৈছিল। মুঠ ৫৪টা খণ্ড সামৰি লোৱা এই প্রতিবেদনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি চিৰ পঢ়ুলান্স ইনষ্টিটিউট নামৰ এটা গৱেষণা আৰু শিক্ষা প্রতিষ্ঠানে প্ৰকাশ কৰিছে। যোগাযোগ মন্ত্রালয়ে এটা বিবৃতিত কয়, যে ভাৰ...