January 23, 2026 12:04 PM
7
সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন
নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জন্মবার্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন কৰা হৈছে। এই উপলক্ষে আজিৰেপৰা শ্ৰীবিজয়পুৰমৰ নেতাজী ষ্টেডিয়ামত তিনিদিনীয়াকৈ জন্মবার্ষিকী উদযাপনৰ আয়োজন কৰা হৈছে। অসমৰ বিভিন্ন স্থানতো নেতাজীক স্মৰণৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জন্মবার্ষিকীত নেতাগৰাকীক ৰাজ্যবাসীৰ হৈ স্মৰণ কৰিছে। ধুবুৰী জিলাৰ বিভিন্ন স্থানত দল-সংগঠনে আজি পৰাক্ৰম দিৱস উদযাপনৰ আয়োজন কৰিছে। জিলাখনৰ পাঁচমূৰত থকা নেতাজীৰ প্ৰতিমূৰ্তিস্থল...