September 12, 2025 9:25 PM
15
নেপালৰ জেন-জেদ প্ৰতিবাদত হোৱা বিক্ষিপ্ত ঘটনাত ৩৬ গৰাকী লোকৰ মৃত্যু
নেপালৰ স্বাস্থ্য আৰু জনসংখ্যা মন্ত্ৰালয়ে জানিবলৈ দিছে যে জেন-জেদ প্ৰতিবাদৰ ফলত দেশখনত হোৱা বিক্ষিপ্ত ঘটনাত ৩৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। মন্ত্ৰালয়ৰ সচিব ড০ বিকাশ দেৱকোটাই জানিবলৈ দিছে যে দেশৰ বিভিন্ন চিকিৎসালয়ৰ পৰা এতিয়ালৈকে ৩৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হৈছে। দেশৰ ৫২খন চিকিৎসালয়ত মুঠ ২৮৪গৰাকী লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে এই বিক্ষিত ঘটনাত আহত হোৱা এহেজাৰ ৭০০ৰো অধিক লোকক চিকিৎসা প্ৰদান কৰা হয় ।