September 12, 2025 9:25 PM September 12, 2025 9:25 PM

views 4

নেপালৰ জেন-জেদ প্ৰতিবাদত হোৱা বিক্ষিপ্ত ঘটনাত ৩৬ গৰাকী লোকৰ মৃত্যু

নেপালৰ স্বাস্থ্য আৰু জনসংখ্যা মন্ত্ৰালয়ে জানিবলৈ দিছে যে জেন-জেদ প্ৰতিবাদৰ ফলত দেশখনত হোৱা বিক্ষিপ্ত ঘটনাত ৩৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। মন্ত্ৰালয়ৰ সচিব ড০ বিকাশ দেৱকোটাই জানিবলৈ দিছে যে দেশৰ বিভিন্ন চিকিৎসালয়ৰ পৰা এতিয়ালৈকে ৩৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হৈছে। দেশৰ ৫২খন চিকিৎসালয়ত মুঠ ২৮৪গৰাকী লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে এই বিক্ষিত ঘটনাত আহত হোৱা এহেজাৰ ৭০০ৰো অধিক লোকক চিকিৎসা প্ৰদান কৰা হয় ।

September 10, 2025 7:46 PM September 10, 2025 7:46 PM

views 6

নেপালৰ নৱপ্ৰজন্মই আৰম্ভ কৰা চৰকাৰবিৰোধী বিক্ষোভৰ আজি তৃতীয় দিন

যোৱা ৮ ছেপ্তেম্বৰৰ পৰা নেপালৰ নৱপ্ৰজন্মই আৰম্ভ কৰা চৰকাৰবিৰোধী বিক্ষোভ আজি তৃতীয় দিনা ভালেখিনি শাম কাটিছে। নেপালৰ সেনাবাহিনীয়ে ইতিমধ্যে বিভিন্ন স্থানৰ পৰা লুট কৰা ৩৩ লাখ ৭০ হাজাৰৰো অধিক টকা জব্দ কৰাৰ লগতে লুটপাত কৰা ভালেমান অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে। তদুপৰি দাদেলধোৰাৰ কাৰাগাৰৰ পৰা পলায়ন কৰা ২৬জন কয়দীক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে। সেনাবাহিনীয়ে দেশখনৰ আইন-শৃংখলা ৰক্ষাৰ দায়িত্ব লোৱাৰ পাছত পৰিস্থিতিৰ উন্নতি ঘটিছে যদিও দেশখনৰ প্ৰধানমন্ত্রী আৰু ৰাষ্ট্ৰপতিৰ পদত্যাগৰ পাছত সৃষ্টি হোৱা অস্থিৰতা অব্যাহত...

September 10, 2025 12:02 PM September 10, 2025 12:02 PM

views 20

নেপালৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সতর্কবাণী জাৰি

নেপালৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে সতর্কবাণী জাৰি কৰিছে। দেশখনত থকা প্ৰায় ৬ লাখ ভাৰতীয়ক পৰিস্থিতি স্বাভাৱিক নোহোৱা পর্যন্ত ভ্ৰমণ নকৰিবলৈ আৰু য'ত যেনেকৈ আছে, তেনেকৈয়ে থাকিবলৈ কেন্দ্ৰীয় চৰকাৰে আহ্বান জনাইছে। আনহাতে, ভাৰতীয়সকলক এই মুহূৰ্তত নেপাল ভ্রমণ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈও চৰকাৰে পৰামৰ্শ দিছে। কেন্দ্ৰীয় চৰকাৰৰ হৈ বিদেশ মন্ত্ৰ্যালয়ে ১৭৭-৯৮০৮৬০২৮৮১ আৰু ৯৭৭- ৯৮১০৩২৬১৩৪ হেল্পলাইন নম্বৰ দুটা নেপালত থকা ভাৰতীয় লোকৰ বাবে মুকলি কৰিছে। নেপালৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ ...