April 2, 2025 1:10 PM April 2, 2025 1:10 PM
6
বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কে পি শর্মা অলি থাইলেণ্ডলৈ ৰাওনা
নেপালৰ প্ৰধানমন্ত্রী কে পি শর্মা অলি বেংককত অনুষ্ঠিত বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে কালি আনুষ্ঠানিক ভ্রমণসূচীৰে থাইলেণ্ডলৈ ৰাওনা হয়। যোৱা বছৰৰ জুলাই মাহত চতুৰ্থবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত অলিৰ এইটোৱেই প্ৰথম আনুষ্ঠানিক থাইলেণ্ড ভ্রমণ। থাইলেণ্ডত ১ ৰ পৰা ৫ এপ্ৰিললৈ বিমষ্টেকৰ ষষ্ঠ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছে। বৈদেশিক মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, এই ভ্ৰমণৰ সময়ত অলি আৰু থাইলেণ্ডৰ ৰজা বাজিৰালংকর্ণৰ মাজত এখন সৌজন্যমূলক বৈঠক অনুষ্ঠিত হ'ব। অলিয়ে থাইলেণ্ডৰ সুপৰিচিত ব্যৱসায়ীসকলৰ সৈতে বৈঠকত মিল...