September 20, 2024 1:24 PM

views 10

নেপালৰ সংবিধান দিৱস উপলক্ষে কাঠমাণ্ডুৰ দৰবাৰ মাৰ্গত ‘ৰাষ্ট্ৰীয় দিৱস সংগীতানুষ্ঠান’

নেপালৰ সংবিধান দিৱস উপলক্ষে কালি কাঠমাণ্ডুৰ দৰবাৰ মাৰ্গত ‘ৰাষ্ট্ৰীয় দিৱস সংগীতানুষ্ঠান'ৰ আয়োজন কৰা হয়। সংবিধান দিৱস উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসৰ সংগীতানুষ্ঠানত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শর্মা অলি, উপ-প্রধানমন্ত্রী তথা বিত্তমন্ত্রী বিষ্ণু পৌডেল আৰু গৃহমন্ত্ৰী ৰমেশ লেখকে অংশগ্ৰহণ কৰে। প্রধানমন্ত্রী অলিয়ে সংগীতানুষ্ঠানত সমবেত হোৱা নাগৰিকসকলক ৰাষ্ট্ৰীয় পতাকা উৰুৱাই সংবিধান দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে নেপাল আৰক্ষী, নেপাল সেনা আৰু সশস্ত্ৰ আৰক্ষী বাহিনীৰ এটা দলে অর্কেষ্ট্ৰ...