October 5, 2025 8:35 PM

views 28

নেপালত ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু বানত ৪৭ জন লোকৰ মৃত্যু

নেপালত পৰহিৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু বানত ৪৭ জন লোকৰ মৃত্যু হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। ভূমিস্খলনত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হোৱা ইল্লাম জিলাত কমেও ৩৭ জন লোকৰ মৃত্যু হৈছে। দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্য্যোগ হ্রাস আৰু ব্যৱস্থাপনা কর্তৃপক্ষৰ মুখপাত্রই নিরুদ্দেশ হোৱা লোকসকলৰ উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে বুলি জানিবলৈ দিছে। কাঠমাণ্ডু বিমান বন্দৰত ঘৰুৱা বিমানৰ চলাচল কিছু ক্ষেত্রত বাধাগ্রস্ত হৈছে যদিও আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা স্বাভাবিকভাবেই চলি আছে বুলি বিমান বন্দৰ কৰ্তৃপক্...

September 29, 2024 8:02 PM

views 17

নেপালত বানপানী আৰু ভূমিস্খলনত ১৩২ গৰাকী লোক নিহত

নেপালৰ গৃহ মন্ত্ৰ্যালয়ে প্রাকৃতিক দুৰ্যোগৰ ঘটনা, বানপানী আৰু ভূমিস্খলনত ১৩২ গৰাকী লোক নিহত হোৱা বুলি সদৰি কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দুৰ্যোগৰ ঘটনাত মধেশ ৰাজ্যত দুগৰাকী, ক'চিত ১৭ গৰাকী, বাগমাটিত ৪৫ গৰাকী আৰু কাঠমাণ্ডু উপত্যকাত ৬৮ গৰাকী লোক নিহত হৈছে। তদুপৰি ৬৪ গৰাকী লোক সন্ধানহীন হৈ থকাৰ বিপৰীতে দুর্যোগ সংক্রান্তিয় ঘটনাত ৬১ গৰাকী লোক আহত হৈছে। নিৰাপত্তা বাহিনীয়ে দেশজুৰি ৩ হাজাৰ ৬২৬ গৰাকী লোকক নিৰাপদে উদ্ধাৰ কৰা বুলি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। নেপালী সেনাবাহিনীয়ে হেলিকপ্‌টাৰৰ জৰিয়ত...