April 24, 2025 10:26 AM

views 26

নেপালৰ প্ৰধানমন্ত্রী কে পি শর্মা অ’লিক কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খাট্টাৰৰ সাক্ষাৎ

শক্তি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লাল খাট্টাৰে কালি নেপালৰ প্ৰধানমন্ত্রী কে পি শর্মা অ'লিক সৌজন্যমূলক সাক্ষাৎ কৰে। নেপালৰ সিংহ দৰবাৰৰ প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত চুবুৰীয়া ৰাষ্ট্ৰ দুখনৰ মাজত মৈত্রীপূৰ্ণ আৰু সাংস্কৃতিক সম্বন্ধৰ বিভিন্ন দিশ, শক্তি খণ্ডৰ উন্নয়ন আৰু সহযোগিতাকে ধৰি বিভিন্ন বিষয় সম্পর্কে আলোচনা কৰা হয়।