December 16, 2024 12:43 PM

views 16

নেপালৰ প্ৰথিতযশা সমাজকর্মী, পদ্মশ্রী অনুৰাধা কৈৰালালৈ ‘বডোফা উপেন্দ্রনাথ ব্রহ্ম মানৱতাৰ সৈনিক বঁটা’

বডোফা উপেন্দ্রনাথ ব্রহ্ম মানৱতাৰ সৈনিক বঁটা ২০২৪ নেপালৰ প্ৰথিতযশা সমাজকর্মী তথা পদ্মশ্রী বঁটাপ্ৰাপক অনুৰাধা কৈৰালালৈ আগবঢ়োৱা হৈছে। উপেন্দ্ৰনাথ ব্ৰহ্ম ন্যাসৰ মুখপাত্র বিষ্ণুপ্রসাদ ব্ৰহ্মই কালি এটা বিবৃতি যোগে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কৈৰালাই মহিলা আৰু শিশুসকলৰ বিকাশৰ সৈতে দীৰ্ঘদিন ধৰি ব্ৰতী হৈ থকাৰ লগতে সমাজৰ বিভিন্ন দিশত অৱদান আগবঢ়াই আহিছে। নেপালৰ বিশিষ্ট সমাজকৰ্মীগৰাকীক ভাৰত চৰকাৰে ২০১৭ চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল।