November 14, 2025 12:19 PM

views 17

নেপালৰ বাণিজ্য আৰু উদ্যোগ মন্ত্রী অনিল কুমাৰ সিনহাৰ সৈতে পীযূষ গোৱেলৰ দ্বিপাক্ষিক বৈঠক

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে কালি নতুন দিল্লীত নেপালৰ বাণিজ্য আৰু উদ্যোগ মন্ত্রী অনিল কুমাৰ সিনহাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। বৈঠকত ভাৰত আৰু নেপালৰ মাজৰ পৰিবহণ চুক্তিৰ নীতি-নিময়ৰ সংশোধন কৰি বিনিময়-পত্র আদান প্রদান কৰা হয়। ইয়াৰ ফলত জোগ-বণি বিৰাট নগৰ ৰে'ল লিংকৰ মাধ্যমেৰে দুয়োখন দেশৰ মাজত পোনপটীয়া ৰে'ল সম্পর্ক গঢ়ি উঠিব বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। এই উদ্যমৰ জৰিয়তে কলকাতা আৰু বিশাখাপট্টনম বন্দৰৰ পৰা নেপাললৈ পৰিবহণ সুগম হৈ উঠিব। ভাৰত আৰু নেপালৰ প্ৰধানমন্ত্ৰীদ্বয়...

October 7, 2025 11:57 AM

views 56

ভাৰত-নেপাল সীমান্তত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে এন চি বি আৰু সশস্ত্ৰ সীমা বলে সমন্বয়েৰে কাম কৰাৰ সিদ্ধান্ত

● ভাৰত-নেপাল সীমান্তত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে সৰৱ হোৱাৰ লক্ষ্যৰে নাৰ্কটিক কণ্ট্ৰল ব্যুৰো (এন চি বি) আৰু সশস্ত্ৰ সীমা বলে সমন্বয়েৰে কাম কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। কালি নতুন দিল্লীত এনচিবিৰ সঞ্চালক প্রধান অনুৰাগ গাৰ্গ আৰু এছএছবিৰ সঞ্চালকপ্রধান সঞ্জয় সিংঘালে এই সন্দৰ্ভত আলোচনা কৰে। বৈঠকৰ মূল লক্ষ্য আছিল- চোৰাংচোৱা তথ্য বিনিময়, যৌথ কাৰ্য্যকলাপ, সমৰ্থ বিকাশৰ পদক্ষেপ, চোৰাংচোৱাৰ দৰে ক্ষেত্ৰত এন চি বি আৰু এছ এছ বিৰ সহযোগিতা তথা সমন্বয় শক্তিশালী কৰা। বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা কটকটীয়া কৰাৰ লগতে সৰ...

September 22, 2025 7:18 PM

views 16

নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰখনৰ বাবে ৫ গৰাকী নতুন মন্ত্ৰীৰ নাম ঘোষণা প্রধানমন্ত্রী সুশীলা কাৰ্কিৰ

নেপালৰ নৱ-নিৰ্বাচিত প্রধানমন্ত্রী সুশীলা কাৰ্কিয়ে তেওঁৰ অন্তৱৰ্তীকালীন চৰকাৰখনৰ বাবে ৫ গৰাকী নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰিছে। দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ভূতপূর্ব ন্যায়াধীশ অনিল কুমাৰ সিন্হাক উদ্যোগ, বাণিজ্য আৰু যোগান, আইন আৰু ন্যায় দপ্তৰৰ লগতে ভূমি সংস্কাৰ, সমবায় আৰু দাৰিদ্র্য দূৰীকৰণ দপ্তৰৰ দায়িত্ব অর্পণ কৰা হ'ব। দেশখনৰ শিক্ষা খণ্ডৰ সৈতে জড়িত এগৰাকী আগশাৰীৰ ব্যক্তি মহাবীৰ পুণক শিক্ষা দপ্তৰৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ'ব। উল্লেখযোগ্য যে শ্রীপুণ হৈছে ৰাম...

September 11, 2025 3:34 PM

views 17

নেপালত প্রাক্তন মুখ্য ন্যায়াধীশ সুশীলা কার্তিকক অন্তৱৰ্তী প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত প্ৰতিবাদী প্ৰতিনিধিবর্গৰ

■ নেপালত চলি থকা ৰাজনৈতিক অচলাৱস্থাৰ মাজতে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ প’ডেল, দেশখনৰ স্থল সেনা বাহিনীৰ মুৰব্বী অশোক ৰাজ ছিগডেল আৰু যুৱ প্ৰতিবাদকাৰীৰ প্ৰতিনিধিবর্গৰ সৈতে আজি অন্তৱৰ্তী চৰকাৰৰ নেতৃত্বৰ বিষয়টো লৈ আলোচনা অনুষ্ঠিত হ'ব। যুৱ প্ৰতিবাদকাৰীৰ প্ৰতিনিধিবর্গই প্রাক্তন মুখ্য ন্যায়াধীশ সুশীলা কার্তিক অন্তৱৰ্তী প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰিছে। নেপালত সেনা বাহিনীৰ সৈতে যুৱ প্ৰতিবাদকাৰীৰ আলোচনাত প্ৰত্যক্ষভাৱে নিৰ্বাচিত কার্যপালিকা, যুৱ প্ৰজন্মক অন্তৰ্ভুক্ত কৰাৰ বাবে যুক্তৰাষ্ট্ৰীয় সংসদীয় নির্বাচন...

September 9, 2025 8:42 PM

views 25

নেপালত অভূতপূৰ্ব হিংসাত্মক পৰিস্থিতিৰ মাজতে দেশখনৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পদত্যাগ

নেপালত ফেচবুক, ইউটিউব আদি ২৬টা সামাজিক মাধ্যমৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ প্ৰতিবাদত দেশখনৰ যুৱ প্ৰজন্মই চলোৱা হিংসাত্মক বিক্ষোভৰ পৰিপ্ৰেক্ষিতত দেশখনৰ প্ৰধানমন্ত্রী কে পি শৰ্মা অলিয়ে পদত্যাগ কৰে। দুপৰীয়াৰ ভাগত ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পোড়েলে প্রধানমন্ত্ৰীৰ পদত্যাগপত্র গ্রহণ কৰে। উল্লেখযোগ্য যে, ৰাজধানী কাঠমাণ্ডু আৰু দেশখনৰ অন্যান্য প্ৰান্তত কালি যুৱ প্ৰজন্মৰ বিক্ষোভ নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰিবলগীয়া হোৱাত ১৯গৰাকী প্ৰতিবাদকাৰী নিহত আৰু ভালেসংখ্যক প্ৰতিবাদকাৰী আহত হৈছিল। এই প্ৰতিব...

September 9, 2025 2:50 PM

views 14

সামাজিক মাধ্যমৰ মঞ্চসমূহ বন্ধ কৰি দিয়াৰ বাবে নেপাল চৰকাৰৰ পূৰ্বে আৰোপ কৰা নিষেধাজ্ঞা বাতিল

■ সামাজিক মাধ্যমৰ মঞ্চসমূহ বন্ধ কৰি দিয়াৰ বাবে নেপাল চৰকাৰে পূৰ্বে আৰোপ কৰা নিষেধাজ্ঞা বাতিল কৰিছে। উল্লেখযোগ্য যে কালি সামাজিক মাধ্যমৰ মঞ্চসমূহ বন্ধ কৰি দিয়াৰ বাবে নেপাল চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে নৱপ্ৰজন্মই বিক্ষোভ প্ৰদৰ্শন কৰিছিল। প্ৰশাসনে এই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে কেতবোৰ বিক্ষিপ্ত ঘটনা ঘটে আৰু ১৯ গৰাকী লোক নিহত হোৱাৰ লগতে ৩০০ জনতকৈও অধিক লোক আহত হয়। নেপালৰ যোগাযোগ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী পৃথ্বী গুৰুঙে কেবিনেটৰ জৰুৰী বৈঠকৰ পাছত চৰকাৰে সামাজিক মাধ্যমৰ মঞ...

September 9, 2025 2:46 PM

views 18

নেপালত ভাৰতীয় নাগৰিকক প্রয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

■ নেপালত আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত দেশখনত বসবাস কৰি থকা সকলো ভাৰতীয় নাগৰিককে প্রয়োজনীয় সাৱধানতা অৱলম্বন কৰাৰ লগতে চৰকাৰ-প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি-নির্দেশনা মানি চলিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পৰামৰ্শ আগবঢ়াইছে। নতুন দিল্লীয়ে নেপালৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি তীক্ষ্ণ দৃষ্টিৰে নজৰ ৰাখি আহিছে বুলি উল্লেখ কৰি মন্ত্ৰালয়ে এটা বিবৃতিৰ জৰিয়তে দেশখনৰ এই পৰিস্থিতিত হোৱা প্ৰাণহানিৰ ঘটনাসমূহক লৈ দুখ ব্যক্ত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লগতে সংশ্লিষ্ট সকলো পক্ষকে শান্...

September 8, 2025 9:39 PM

views 17

কাঠমাণ্ডুৰ বানেশ্বৰত নৱপ্ৰজন্মৰ বিক্ষোভকাৰীসকলক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনাত ১৪ জন লোকৰ মৃত্যুৰ লগতে ১০০ জনৰো অধিক লোক আহত

কাঠমাণ্ডুৰ বানেশ্বৰত আজি জেন জি অর্থাৎ নৱপ্ৰজন্মৰ বিক্ষোভকাৰীসকলক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে চলোৱা গুলীচালনাত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ জনৰো অধিক লোক আহত হৈছে। প্ৰধানমন্ত্রী কে পি শর্মা অলীয়ে আজি সন্ধিয়া কাঠমাণ্ডুত নিজৰ বাসগৃহত মন্ত্ৰী পৰিষদ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মাজত জৰুৰী বৈঠকৰ আহ্বান কৰিছে। চৰকাৰে শেহতীয়াকৈ মুখ্য সামাজিক মাধ্যমৰ মঞ্চসমূহত নিষেধাজ্ঞা, আৰোপ কৰাৰ ফলত এই প্ৰতিবাদ তীব্ৰতৰ হৈ পৰে। নিৰাপত্তাৰক্ষীৰ লোকে প্রথমে কন্দুৱা গেছ, ৰাবাৰৰ গুলী ব্যৱহাৰ কৰি প্ৰতিবাদকাৰীসকলক ছত...

April 11, 2025 6:54 PM

views 19

হিংসাত্মক প্ৰতিবাদ সাব্যস্তৰ গোচৰত চিকিৎসা উদ্যোগী তথা ৰাজনৈতিক কর্মী দুর্গা প্রচাইক গ্ৰেপ্তাৰ নেপাল আৰক্ষীৰ

নেপাল আৰক্ষীয়ে চিকিৎসা উদ্যোগী তথা ৰাজনৈতিক কর্মী দুর্গা প্রচাইক হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে। যোৱা ২৮ মাৰ্চত তিনকোনিত হিংসাত্মক প্ৰতিবাদৰ পাছৰে পৰা তেওঁ পলাতক অৱস্থাত আছিল। এই প্ৰতিবাদত দুজন লোকৰ মৃত্যু হোৱাৰ উপৰি কেইবাটাও অট্টালিকা আৰু ব্যক্তিগত সা-সম্পত্তি ক্ষতিগ্ৰস্ত হৈছিল। আৰক্ষীয়ে শ্ৰী প্ৰচাইক ঝাপাৰ ভদ্ৰপুৰ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰি তদন্তৰ বাবে কাঠমাণ্ডুলৈ লৈ আনে। দুৰ্গা প্ৰচাইৰ লগতে আৰক্ষীয়ে তেওঁৰ সহযোগী দীপক খাৰাকো গ্ৰেপ্তাৰ কৰে৷

April 9, 2025 3:12 PM

views 32

কাঠমাণ্ডুত BIMSTEC ৰ অন্তৰ্ভুক্ত সদস্য ৰাষ্ট্ৰসমূহৰ কৃষিমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত

● নেপালৰ কাঠমাণ্ডুত আজি BIMSTEC ৰ অন্তৰ্ভুক্ত সদস্য ৰাষ্ট্ৰসমূহৰ কৃষিমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ভূটানৰ কৃষিমন্ত্ৰী লিয়নপো য়ওনটেন ফুণ্টচ’ৱে এই বৈঠকত অংশগ্ৰহণৰ বাবে কালি সন্ধিয়া কাঠমাণ্ডুলৈ ৰাওনা হৈছে। আজিৰ এই মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত ইয়াৰ পূৰ্বে কাঠমাণ্ডুত সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল। আজিৰ বৈঠকত BIMSTEC ৰ সদস্যভুক্ত ৭ খন ৰাষ্ট্ৰৰ তিনিখনৰ কৃষিমন্ত্ৰীসকলে সোঁশৰীৰে ভাগ লোৱাৰ লগতে অন্যান্য ৰাষ্ট্ৰৰ কৃষি...