August 3, 2025 9:08 PM

views 17

গোলাঘাট জিলাৰ নেঘ্ৰেৰীবিলত বন বিভাগ আৰু জিলা প্ৰশাসনৰ ৮ আগষ্টত উচ্ছেদ অভিযান

গোলাঘাট জিলাৰ মেৰাপানীৰ দৈয়াং সংৰক্ষিত বনাঞ্চলৰ নেঘ্ৰেৰীবিলত বন বিভাগ আৰু জিলা প্ৰশাসনে অহা ৮ আগষ্টত উচ্ছেদ দিন ধাৰ্য কৰাৰ পাছতে জিলা প্ৰশাসন তৎপৰ হৈ পৰিছে। সৰুপথাৰত কালি এখন সংবাদমেলত বন বিভাগৰ হৈ প্ৰধান মুখ্য বন সংৰক্ষক এম. কে. যাদৱে কয়, যে অঞ্চলটোত অবৈধভাৱে বসবাস কৰি থকা প্ৰায় ২০৫টা পৰিয়ালক অঞ্চলটো খালী কৰাৰ বাবে জাৰি কৰা জাননীৰ ম্যাদ শুকুৰবাৰে উকলি যায়। ইয়াৰ পৰিপ্ৰেক্ষিতত অহা ৬ আগষ্টৰ পৰা উচ্ছেদ অভিযানৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰা হ'ব আৰু ৮ আগষ্টৰ পুৱা উচ্ছেদ চলোৱা হ'ব বুলি তেওঁ কয়। ইতিমধ্...