June 20, 2024 8:27 PM

views 14

নীট পৰীক্ষাত অনিয়মক লৈ চৰকাৰক কৰা আক্ৰমণৰ বাবে ৰাহুল গান্ধীক তীব্র সমালোচনা বিজেপিৰ

বিজেপিয়ে নীট পৰীক্ষাত অনিয়ম হোৱা বুলি উঠা অভিযোগক লৈ চৰকাৰক আক্ৰমণ কৰাৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত সুধাংশু ত্রিবেদীয়ে কয় যে, শ্রী গান্ধীয়ে বিষয়টো লৈ ৰাজনীতি কৰিছে আৰু লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে তেওঁৰ কোনো সম্পর্ক নাই। চৰকাৰ বিষয়টোলৈ সম্পূৰ্ণ সজাগ আৰু সচেতন বুলি উল্লেখ কৰি তেওঁ কয় যে, চৰকাৰে শিক্ষাৰ্থীসকলৰ সৈতে অন্যায় হ'বলৈ নিদিয়ে। এই ঘটনাৰ বাবে দোষীসকল বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি বিজেপি মুখপান্ত্...