July 18, 2024 8:53 PM July 18, 2024 8:53 PM

views 13

নীট ইউ জিৰ সকলো শিক্ষাৰ্থীৰ ফলাফল প্রকাশ কৰিবলৈ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক উচ্চতম ন্যায়ালয়ৰ নির্দেশ

উচ্চতম ন্যায়ালয়ে শনিবাৰে দিনৰ ১২ বজা পর্যন্ত ৱেবচাইট যোগে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপন তথা প্ৰৱেশৰ পৰীক্ষা নীট ইউ জিৰ সকলো শিক্ষাৰ্থীৰ ফলাফল প্রকাশ কৰিবলৈ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক নির্দেশ দিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পার্ডিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে আজি চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা সন্দৰ্ভত দাকিল কৰা প্ৰায় ৪০ খন আবেদনৰ শুনানিলৈ প্ৰাৰ্থীসকলৰ পৰিচয় গোপনে ৰাখি চহৰ আৰু কেন্দ্ৰ ভিত...

July 7, 2024 8:23 PM July 7, 2024 8:23 PM

views 20

উচ্চতম ন্যায়ালয়ত সোমবাৰে নীট ইউজি সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি

উচ্চতম ন্যায়ালয়ে কাইলৈ নীট ইউজি সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰিব। এইসমূহৰ ভিতৰত নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে জনোৱা আবেদনো অন্তৰ্ভুক্ত হৈ আছে। উচ্চতম ন্যায়ালয়ৰ ৱেবচাইটত প্ৰকাশ পোৱা অনুসৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় তথা ন্যায়াধীশ জে বি পাড়িৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰ পীঠে এই সন্দৰ্ভত ২৬ খন আবেদনৰ শুনানি গ্ৰহণ কৰিব। উল্লেখযোগ্য যে, শিক্ষাৰ্থীসকলে দাখিল কৰা এই আবেদনত নীট পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগৰ প্ৰসংগৰে পৃথক তথা সুকীয়া অনুসন্ধানৰ বাবে দাবী জনোৱা হৈছে। ক...

July 6, 2024 8:18 PM July 6, 2024 8:18 PM

views 18

NEET UGৰ পৰামৰ্শদানৰ বিলম্বৰ বাতৰি অশুদ্ধ

স্বাস্থ্য মন্ত্ৰালয়ে স্পষ্ট কৰিছে যে NEET UGৰ পৰামৰ্শদানৰ বিলম্বৰ বাতৰি অশুদ্ধ আৰু এই পৰামৰ্শদান অনুষ্ঠিত কৰাৰ বাবে নিৰ্দিষ্ট দিন এতিয়ালৈকে ধাৰ্য কৰা হোৱা নাই। একাংশ সংবাদ মাধ্যমত এই বাতৰিটো প্ৰচাৰ হৈ থকাৰ মাজতে স্বাস্থ্য মন্ত্রালয়ে বিষয়টো স্পষ্ট কৰে।

June 25, 2024 12:54 PM June 25, 2024 12:54 PM

views 14

নীটৰ প্রশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে নিৰপেক্ষ তদন্তৰ ব্যৱস্থা

কৰ্ণাটকৰ বেংগালুৰুৰ ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ এম কে ৰমেশে নীটৰ প্রশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিছে। বেংগালুৰুত কালি আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত উপাচাৰ্যগৰাকীয়ে কয় যে, পৰীক্ষাসমূহ যাতে নিয়মমাফিক আৰু স্বচ্ছ পদ্ধতিৰে অনুষ্ঠিত হয়, তাৰ গুৰুদায়িত্ব পৰীক্ষাৰ সৈতে জড়িত সকলোৱে গ্ৰহণ কৰিব লাগিব। ইপিনে, তদন্তৰ বাবে চি বি আইৰ এটা দল কালি গুজৰাটৰ গোধৰাত উপস্থিত হয়। আমাৰ সং...

June 23, 2024 9:00 PM June 23, 2024 9:00 PM

views 11

নীট ইউ জি পৰীক্ষাত গ্ৰেছ নম্বৰ লাভ কৰা  ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীৰ পুনৰ পৰীক্ষাত অৱতীৰ্ণ

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত নীট ইউ জি পৰীক্ষাত গ্ৰেছ নম্বৰ লাভ কৰা  ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীৰ আজি পুনৰ পৰীক্ষা অনুষ্ঠিত হয়। চলিত মাহৰ আৰম্ভণিতে জাৰি কৰা অধিসূচনাযোগে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছিল যে পুনৰ হ'বলগীয়া পৰীক্ষা দুপৰীয়া ২ বজাৰ পৰা বিয়লি ৫ বাজি ২০ মিনিটলৈ অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কয় যে সংস্থাটোৰ উচ্চস্তৰীয়  সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ অনুসৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে গ্...

June 23, 2024 8:03 PM June 23, 2024 8:03 PM

views 13

নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত চি বি আইৰ তদন্ত আৰম্ভ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছে। চি বি আইৰ সূত্ৰ অনুসৰি শিক্ষা মন্ত্ৰ্যালয়ৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালকে দিয়া অভিযোগৰ ভিত্তিত এই এজাহাৰ দাখিল কৰা হৈছে। চি বি আইয়ে সমগ্ৰ দেশতে এই বিষয়টোৰ এটা পুংখানুপুংখ তদন্ত আৰু এই বৃহৎ ষড়যন্ত্ৰৰ সবিশেষ উন্মোচন কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে। এই বিষয়টোৰ তদন্তৰ বাবে চি বি আইয়ে কেইবাটাও বিশেষ দল গঠন কৰিছে। চি বি আইৰ বিশেষ দলসমূহক পাটনা আৰু গোৱালৈ প্ৰেৰণ কৰা হৈছে। উল্লে...

June 23, 2024 11:45 AM June 23, 2024 11:45 AM

views 15

নীট ইউ জি পৰীক্ষাত সংঘটিত অনিয়ম সংক্ৰান্তত বিহাৰ আৰক্ষীৰ ঝাৰখণ্ডৰ পৰা ৬ জন লোকক গ্ৰেপ্তাৰ

চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত নীট ইউ জি পৰীক্ষাত সংঘটিত অনিয়ম সংক্ৰান্তত বিহাৰ আৰক্ষীয়ে ঝাৰখণ্ডৰ দেওঘৰৰ পৰা ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে। দেওঘৰ সদৰ মহকুমা আৰক্ষী বিষয়া ঋত্তিক শ্রীবাস্তৱে কৈছে যে, সন্দেহযুক্ত লোককেইজনক দেবীপুৰ আৰক্ষী থানা এলেকাৰ দেওঘৰ এইমছৰ ওচৰৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। লোককেইজনক আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ লগতে বিহাৰলৈ প্ৰেৰণ কৰে। বিহাৰ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই এই গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছে।

June 20, 2024 8:23 PM June 20, 2024 8:23 PM

views 10

নীট-ইউ জিৰ প্ৰশ্ন কাকত ফাদিল সম্পৰ্কীয় গোচৰৰ শুনানিত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি বিভিন্ন উচ্চ ন্যায়ালয়ত বিচাৰাধীন চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আয়োজিত ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপন তথা প্ৰৱেশ পৰীক্ষা নীট-ইউ জিৰ প্ৰশ্ন কাকত ফাদিল সম্পৰ্কীয় গোচৰৰ শুনানিত স্থগিতাদেশ দিয়ে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই দাখিল কৰা গোচৰ স্থানান্তৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ বিক্রম নাথ নেতৃত্বাধীন এখন অৱকাশকালীন বিচাৰপীঠে এই স্থগীতাদেশ দিয়ে। শুনানিৰ সময়ত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ অধিবক্তাগৰাকীয়ে কয় যে, যোৱা সপ্তাহত সৰ্বোচ্চ ন্যায়ালয়ে গোচৰ স্থা...

June 18, 2024 8:16 PM June 18, 2024 8:16 PM

views 13

নীট-ইউ জিত প্রশ্নকাকত ফাদিল আৰু অনিয়মৰ অভিযোগ সম্পর্কে কেন্দ্রীয় চৰকাৰ আৰু এন টি এ লৈ উচ্চতম ন্যায়ালয়ৰ জাননী

উচ্চতম ন্যায়ালয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বছৰৰ প্ৰৱেশ পৰীক্ষা নীট-ইউ জিত প্রশ্নকাকত ফাদিল আৰু অনিয়ম সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগ সম্পর্কে দাখিল কৰা আবেদন সন্দৰ্ভত কেন্দ্রীয় চৰকাৰ আৰু এন টি এ লৈ জাননী জাৰি কৰিছে। ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা অর্থাৎ এন টি এক জাৰি কৰা জাননীত এই পৰীক্ষাত কোনো ধৰণৰ অনিয়ম সংঘটিত হ'লে বিষয়টো স্বচ্ছভাৱে নিষ্পত্তি হোৱা প্ৰয়োজন বুলি উল্লেখ কৰিছে।

June 14, 2024 12:22 PM June 14, 2024 12:22 PM

views 12

NEET UG ত গ্ৰেছ নম্বৰ লাভ কৰা ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীৰ বাবে পুনৰ পৰীক্ষাৰ আয়োজন

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা অর্থাৎ NEET UG ত কেন্দ্ৰই গ্ৰেছ নম্বৰ বাতিল কৰিছে। এই গ্ৰেছ নম্বৰ লাভ কৰা এহেজাৰ ৫৬৩ গৰাকী পৰীক্ষাৰ্থীৰ বাবে পুনৰ পৰীক্ষাৰ আয়োজন কৰিছে। কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰা মতে গ্ৰেছ নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলে ফলাফল বাতিল কৰাৰ পিছত পুনৰ অহা ২৩ জুনত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক এই কথা অৱগত কৰিছে। এই পৰীক্ষাৰ ফলাফল অহা ৩০ জুনত ঘোষণা কৰা হ'ব। চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমত নামভৰ্তিৰ কাউন্...