June 21, 2026 8:19 PM

views 4

দেশৰ ৫৫১খন তথা বিদেশৰ ১৪খন মহানগৰত নীট ইউ জি কটকটীয়া নিৰাপত্তাৰে সফলতাৰে সম্পন্ন

২০২৬ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পুনৰ পৰীক্ষা- নীট ইউ জি আজি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত সফলতাৰে সম্পন্ন হয়। দেশৰ ৫৫১খন মহানগৰ তথা বিদেশৰ ১৪খন মহানগৰত অনুষ্ঠিত এই পৰীক্ষাত ২২ লখ ৭৯ হাজাৰতকৈও অধিক প্রার্থী অবতীর্ণ হয়। উল্লেখযোগ্য যে দিনৰ ২ বজাত আৰম্ভ হৈ সন্ধিয়া ৫-১৫ মিনিটত অন্ত পৰা এই পৰীক্ষা আৰু আন ১২টা ভাষাত অনুষ্ঠিত হয়। পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এয়ে কালি দেশজুৰি অনুশীলনমূলকভাবে এই পৰীক্ষা অনুষ্ঠিত কৰে। এই পদক্ষেপৰ জৰিয়তে নেটৱৰ্ক জেমাৰ, চিচিটিভি ...

June 15, 2026 1:49 PM

views 7

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীটৰ প্ৰৱেশ পত্ৰ মুকলি কৰিছে

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা ২১ জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা, নীটৰ প্ৰৱেশ পত্ৰ মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে এন টি এ-ৰ ৱেৱছাইট neet.nta.nic.in-ৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। ২১ জুনত দিনৰ ২ বজাৰ পৰা ৫ বাজি ১৫ মিনিটলৈ পৰীক্ষা অনুষ্ঠিত হ'ব। এন টি এই পৰীক্ষাৰ্থীসকলক প্ৰৱেশ পত্র ডাউনলোডৰ পূৰ্বে ৰিফাণ্ডৰ বাবে তেওঁলোকৰ বেংক একাউণ্টৰ তথ্য পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে।

June 12, 2026 4:54 PM

views 9

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীটৰ সময় ১৫ মিনিট বৃদ্ধি কৰি ১৮০ মিনিটৰ পৰা ১৯৫ মিনিটলৈ সময় নির্ধাৰণ কৰিছে

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা ২১ জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ সময় ১৫ মিনিট বৃদ্ধি কৰি ১৮০ মিনিটৰ পৰা ১৯৫ মিনিটলৈ সময় নির্ধাৰণ কৰিছে। নতুন সময় অনুসৰি দিনৰ ২ বজাৰ পৰা বিয়লি ৫ বাজি ১৫ মিনিটলৈ পৰীক্ষাৰ অনুষ্ঠিত হ'ব। এই সংশোধিত সময়ৰ ভিতৰত পৰীক্ষাৰ উপস্থিতিৰ বহীত চহী কৰা আৰু অন্যান্য তদাৰকী ব্যৱস্থাসমূহকে ধৰি বাধ্যতামূলক আনুষ্ঠানিকতাসমূহ সম্পন্ন কৰা হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট ইউ জিৰ পৰীক্ষা নিকা, সুৰক্ষিত আৰু দায়ৱদ্ধভাৱে ...

June 9, 2026 8:02 PM

views 12

নীটৰ প্রশ্নকাকত ফাদিল গোচৰত অভিযুক্ত মনীষ ৱাঘমাৰেৰ জামিন আবেদন অগ্রাহ্য দিল্লীৰ আদালতৰ

দিল্লীৰ এখন আদালতে আজি চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্রশ্নকাকত ফাদিল গোচৰত অভিযুক্ত মনীষ ৱাঘমাৰেৰ জামিন আবেদন অগ্রাহ্য কৰে। চি বি আয়ে বর্তমান তদন্ত কৰি থকা গোচৰটোৰ দুয়ো পক্ষৰ যুক্তিতর্ক শুনাৰ পাছত ৰাউজ এভিনিউ আদালতে অভিযুক্তজনৰ জামিন আবেদন প্রত্যাখ্যান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

June 8, 2026 6:22 PM

views 9

অহা ২১ জুনত নীট অনুষ্ঠিত হ’বলগীয়া চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে

অহা ২১ জুনত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা, নীট অনুষ্ঠিত হ'বলগীয়া চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। সংস্থাটোৱে জাৰি কৰা অধিসূচনা অনুসৰি ২১ জুনত দেশৰ ৫৫১ খন চহৰ আৰু বিদেশৰ ১৪খন চহৰত বিয়লি ২ বজাৰ পৰা ৫ বাজি ১৫ মিনিটলৈ নীটৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষা হ'বলগীয়া চহৰৰ সূচনা পত্ৰখন প্ৰৱেশ পত্ৰ নহয় আৰু কেৱল পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষা কেন্দ্ৰৰ বিষয়ে অৱগত কৰোৱাৰ বাবেহে এয়া প্ৰকাশ কৰা হৈছে বুলি ৰাষ্ট্ৰীয় প...

July 18, 2024 8:53 PM

views 54

নীট ইউ জিৰ সকলো শিক্ষাৰ্থীৰ ফলাফল প্রকাশ কৰিবলৈ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক উচ্চতম ন্যায়ালয়ৰ নির্দেশ

উচ্চতম ন্যায়ালয়ে শনিবাৰে দিনৰ ১২ বজা পর্যন্ত ৱেবচাইট যোগে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপন তথা প্ৰৱেশৰ পৰীক্ষা নীট ইউ জিৰ সকলো শিক্ষাৰ্থীৰ ফলাফল প্রকাশ কৰিবলৈ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক নির্দেশ দিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পার্ডিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে আজি চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা সন্দৰ্ভত দাকিল কৰা প্ৰায় ৪০ খন আবেদনৰ শুনানিলৈ প্ৰাৰ্থীসকলৰ পৰিচয় গোপনে ৰাখি চহৰ আৰু কেন্দ্ৰ ভিত...

July 7, 2024 8:23 PM

views 81

উচ্চতম ন্যায়ালয়ত সোমবাৰে নীট ইউজি সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি

উচ্চতম ন্যায়ালয়ে কাইলৈ নীট ইউজি সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰিব। এইসমূহৰ ভিতৰত নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে জনোৱা আবেদনো অন্তৰ্ভুক্ত হৈ আছে। উচ্চতম ন্যায়ালয়ৰ ৱেবচাইটত প্ৰকাশ পোৱা অনুসৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় তথা ন্যায়াধীশ জে বি পাড়িৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰ পীঠে এই সন্দৰ্ভত ২৬ খন আবেদনৰ শুনানি গ্ৰহণ কৰিব। উল্লেখযোগ্য যে, শিক্ষাৰ্থীসকলে দাখিল কৰা এই আবেদনত নীট পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগৰ প্ৰসংগৰে পৃথক তথা সুকীয়া অনুসন্ধানৰ বাবে দাবী জনোৱা হৈছে। ক...

July 6, 2024 8:18 PM

views 62

NEET UGৰ পৰামৰ্শদানৰ বিলম্বৰ বাতৰি অশুদ্ধ

স্বাস্থ্য মন্ত্ৰালয়ে স্পষ্ট কৰিছে যে NEET UGৰ পৰামৰ্শদানৰ বিলম্বৰ বাতৰি অশুদ্ধ আৰু এই পৰামৰ্শদান অনুষ্ঠিত কৰাৰ বাবে নিৰ্দিষ্ট দিন এতিয়ালৈকে ধাৰ্য কৰা হোৱা নাই। একাংশ সংবাদ মাধ্যমত এই বাতৰিটো প্ৰচাৰ হৈ থকাৰ মাজতে স্বাস্থ্য মন্ত্রালয়ে বিষয়টো স্পষ্ট কৰে।

June 25, 2024 12:54 PM

views 56

নীটৰ প্রশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে নিৰপেক্ষ তদন্তৰ ব্যৱস্থা

কৰ্ণাটকৰ বেংগালুৰুৰ ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ এম কে ৰমেশে নীটৰ প্রশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিছে। বেংগালুৰুত কালি আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত উপাচাৰ্যগৰাকীয়ে কয় যে, পৰীক্ষাসমূহ যাতে নিয়মমাফিক আৰু স্বচ্ছ পদ্ধতিৰে অনুষ্ঠিত হয়, তাৰ গুৰুদায়িত্ব পৰীক্ষাৰ সৈতে জড়িত সকলোৱে গ্ৰহণ কৰিব লাগিব। ইপিনে, তদন্তৰ বাবে চি বি আইৰ এটা দল কালি গুজৰাটৰ গোধৰাত উপস্থিত হয়। আমাৰ সং...

June 23, 2024 9:00 PM

views 47

নীট ইউ জি পৰীক্ষাত গ্ৰেছ নম্বৰ লাভ কৰা  ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীৰ পুনৰ পৰীক্ষাত অৱতীৰ্ণ

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত নীট ইউ জি পৰীক্ষাত গ্ৰেছ নম্বৰ লাভ কৰা  ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীৰ আজি পুনৰ পৰীক্ষা অনুষ্ঠিত হয়। চলিত মাহৰ আৰম্ভণিতে জাৰি কৰা অধিসূচনাযোগে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছিল যে পুনৰ হ'বলগীয়া পৰীক্ষা দুপৰীয়া ২ বজাৰ পৰা বিয়লি ৫ বাজি ২০ মিনিটলৈ অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কয় যে সংস্থাটোৰ উচ্চস্তৰীয়  সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ অনুসৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে গ্...