July 6, 2024 8:18 PM

views 32

NEET UGৰ পৰামৰ্শদানৰ বিলম্বৰ বাতৰি অশুদ্ধ

স্বাস্থ্য মন্ত্ৰালয়ে স্পষ্ট কৰিছে যে NEET UGৰ পৰামৰ্শদানৰ বিলম্বৰ বাতৰি অশুদ্ধ আৰু এই পৰামৰ্শদান অনুষ্ঠিত কৰাৰ বাবে নিৰ্দিষ্ট দিন এতিয়ালৈকে ধাৰ্য কৰা হোৱা নাই। একাংশ সংবাদ মাধ্যমত এই বাতৰিটো প্ৰচাৰ হৈ থকাৰ মাজতে স্বাস্থ্য মন্ত্রালয়ে বিষয়টো স্পষ্ট কৰে।

June 28, 2024 8:22 PM

views 26

নীটত অৱতীৰ্ণ হোৱা শিক্ষার্থীসকলক আশ্বাস, দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’বঃ শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান

শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি নীটত অৱতীৰ্ণ হোৱা শিক্ষার্থীসকলক এইবুলি আশ্বাস দিয়ে যে, দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰ বিষয়টো লৈ অতিকে সংবেদনশীল। তেওঁ লগতে শিক্ষাৰ্থী আৰু অভিভাৱকসকলক প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰ সদনত যিকোনো বিষয় লৈ আলোচনা কৰিবলৈ সাজু আছে।

June 14, 2024 8:15 PM

views 19

NEET বিষয়ত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই চৰকাৰক তীব্র সমালোচনা

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই আজি NEET বিষয়ত চৰকাৰক তীব্র সমালোচনা কৰে। NEET পৰীক্ষাত কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে চৰকাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ অপব্যৱহাৰ কৰি নম্বৰ আৰু বেংকত ব্যাপক খেলিমেলি সংঘটিত কৰিছে। শ্ৰী খাৰ্গেই এটা টুইটযোগে চৰকাৰৰ এই কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে চৰকাৰে ২৪ লাখ ছাত্ৰ-ছাত্ৰীৰ আশা-আকাংক্ষাক চূৰ্ণ কৰি পেলাইছে।

June 7, 2024 8:13 PM

views 27

নীট অনিয়ম সম্পৰ্কীয় অভিযোগৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী মল্লিকার্জুন খাৰ্গেৰ

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেই চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আয়োজিত ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ আৰু প্ৰৱেশ পৰীক্ষা, নীটৰ ক্ষেত্ৰত অনিয়ম হোৱা বুলি উঠা অভিযোগৰ এটা উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। শ্ৰী খার্গেই আজি সামাজিক মাধ্যমৰ এটা পোষ্টযোগে কয় যে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত বিষয়টোৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত হোৱা উচিত। তেওঁ কয় যে প্রশ্নকাকত ফাদিল, জালিয়াতি আৰু দুৰ্নীতি নীটকে ধৰি ভালেমান পৰীক্ষাৰ অবিচ্ছেদ্য অংশ হৈ পৰিছে। তেওঁ পৰীক্ষাৰ ক্ষেত্ৰত হোৱা এনে অনিয়মৰ বাবে ...

June 5, 2024 7:17 PM

views 46

ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষাৰ ফলাফল ঘোষণা

ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা অৰ্থাৎ NEET ৰ ফলাফল আজি ঘোষণা কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই ঘোষণা কৰা ফলাফল অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৩৭ হাজাৰ ৬৬৭ গৰাকী পৰীক্ষাৰ্থীয়ে যোগ্যতা অর্জন কৰিছে। উল্লেখযোগ্য যে এই পৰীক্ষাৰ্থীসকলৰ ভিতৰত ৩ হাজাৰ ৭৬৯ গৰাকীয়ে অসমীয়া ভাষাত পৰীক্ষা লিখিছিল। আনহাতে, এইবছৰ ৰাজস্থানৰ ১১ গৰাকী পৰীক্ষাৰ্থীয়ে সৰ্বাধিক নম্বৰ লাভ কৰি শীৰ্ষ স্থানত আছে।