May 3, 2025 7:30 PM

views 33

কাইলৈ চিকিৎসা আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ৰ নামভৰ্তিৰ বাবে NEET পৰীক্ষা

সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কাইলৈ চিকিৎসা আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ৰ নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা চমুকৈ NEET অনুষ্ঠিত হ'ব। পৰীক্ষা ত্রুটিহীন পৰিচালনাৰ বাবে ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতে নিৰীক্ষক হিচাপে একোজনকৈ উচ্চ পৰ্যায়ৰ প্ৰশাসনিক বিষয়া এটা বিশেষ নির্দেশনা জৰিয়তে নিয়োগ কৰিছে। বিয়লি ২ বজাৰ পৰা ৫ বজালৈ হ'বলগীয়া পৰীক্ষাৰ বাবে প্ৰতিখন জিলাতে প্রশাসনে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অকৰ্তৃশীলভাৱে যিকোনো লোকৰ ...

April 14, 2025 7:39 PM

views 32

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা হ’বলগীয়া ১৭খন জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালকৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা হ'বলগীয়া ১৭খন জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন-টি-এৰ সঞ্চালকৰ সৈতে আজি এখন বৈঠকত মিলিত হয়। অসম আৰক্ষীৰ বিশেষ অনুসন্ধানত ৰাজ্যৰ ব্যক্তিগত পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষাত উত্তীৰ্ণ কেইগৰাকীমান শিক্ষার্থীয়ে অস্বাভাৱিকভাৱে বেছি নম্বৰ লাভ কৰাক লৈ এই বৈঠকৰ আয়োজন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে এই বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষা নিয়াৰিকৈ পৰিচালনা...

July 23, 2024 10:04 AM

views 26

নীট স্নাতক পৰীক্ষা সন্দৰ্ভত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান দিল্লীক  বিশেষজ্ঞ সমিতি গঠন কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষৰ নীট স্নাতক পৰীক্ষাৰ পদাৰ্থ বিজ্ঞানৰ এটা প্ৰশ্নত দিয়া দুটা বিকল্প উত্তৰক ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই শুদ্ধ বুলি গন্য কৰা সিদ্ধান্ত সন্দৰ্ভত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান দিল্লীক এখন বিশেষজ্ঞ সমিতি গঠন কৰি মতামত আগবঢ়াবলৈ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে আজি দিনৰ ১২ বজাৰ ভিতৰত সমিতিখনক নিজৰ মতামত আগবঢ়াবলৈ নিৰ্দেশ দিছে। এই সন্দৰ্ভত আজি পুনৰ শুনানি গ্ৰহণ কৰা হ'ব ।

July 18, 2024 8:53 PM

views 30

নীট ইউ জিৰ সকলো শিক্ষাৰ্থীৰ ফলাফল প্রকাশ কৰিবলৈ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক উচ্চতম ন্যায়ালয়ৰ নির্দেশ

উচ্চতম ন্যায়ালয়ে শনিবাৰে দিনৰ ১২ বজা পর্যন্ত ৱেবচাইট যোগে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপন তথা প্ৰৱেশৰ পৰীক্ষা নীট ইউ জিৰ সকলো শিক্ষাৰ্থীৰ ফলাফল প্রকাশ কৰিবলৈ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক নির্দেশ দিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পার্ডিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে আজি চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা সন্দৰ্ভত দাকিল কৰা প্ৰায় ৪০ খন আবেদনৰ শুনানিলৈ প্ৰাৰ্থীসকলৰ পৰিচয় গোপনে ৰাখি চহৰ আৰু কেন্দ্ৰ ভিত...

July 12, 2024 9:41 AM

views 28

নীটৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল অপৰাধীক গ্ৰেপ্তাৰ চিবিআইৰ

■ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক শাখাত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল অপৰাধী ৰাকেশ ৰঞ্জন ওৰফে ৰকি নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে । ব্যক্তিজনক ১০ দিনৰ বাবে চি বি আইৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ৰকিৰ এই চক্ৰৰ আন এজন মুখ্য ব্যক্তি সঞ্জীৱ মুখীয়াৰ সৈতে যোগসূত্র আছে। সঞ্জীৱ মুখীয়া ২ দশক ধৰি এই কেলেংকাৰীত জড়িত হৈ আছে আৰু পলাতক অৱস্থাত আছে। ৰকিক গ্রেপ্তাৰে চি বি আইক তদন্তত সহায় কৰিব। তদন্তকাৰী সংস্থাটোৱে এতিয়া...

July 5, 2024 8:18 PM

views 23

১১ আগষ্টত অনুষ্ঠিত হ’ব চলিত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা

চলিত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা অহা ১১ আগষ্টত দুটা সময়সূচীত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় চিকিৎ‍সা বিজ্ঞান পৰীক্ষা পৰিষদে আজি পৰীক্ষাৰ সংশোধিত সময়সূচী জাৰি কৰিছে। উল্লেখযোগ্য যে, প্ৰৱেশিকা পৰীক্ষা যোৱা মাহত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কিছুমান প্ৰতিযোগিতামূলক পৰীক্ষাত আসোঁৱাহৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত পৰীক্ষাৰ এদিন আগেয়ে পৰীক্ষা স্থগিত কৰা হৈছিল ৷