July 30, 2026 3:44 PM

views 10

নীটৰ বিষয়ক বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

নীট পৰীক্ষাৰ বিষয়ক লৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই গ্লাছগ’ত অনুষ্ঠিত কমনৱেল্থ গেমছত পুৰুষৰ ১০০ মিটাৰ দৌৰত সোণৰ পদক জয় কৰা পেৰা এথলীট দিলীপ মহাদু গাৱিট আৰু ৰূপৰ পদক জয় কৰা মহম্মদ বাছিল মৰ্ছিংগানাকাথিক অভিনন্দন জনায়। শ্রীবিৰলাই দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে খেলুৱৈ দুগৰাকী আৰু ...

June 12, 2026 4:54 PM

views 19

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীটৰ সময় ১৫ মিনিট বৃদ্ধি কৰি ১৮০ মিনিটৰ পৰা ১৯৫ মিনিটলৈ সময় নির্ধাৰণ কৰিছে

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা ২১ জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ সময় ১৫ মিনিট বৃদ্ধি কৰি ১৮০ মিনিটৰ পৰা ১৯৫ মিনিটলৈ সময় নির্ধাৰণ কৰিছে। নতুন সময় অনুসৰি দিনৰ ২ বজাৰ পৰা বিয়লি ৫ বাজি ১৫ মিনিটলৈ পৰীক্ষাৰ অনুষ্ঠিত হ'ব। এই সংশোধিত সময়ৰ ভিতৰত পৰীক্ষাৰ উপস্থিতিৰ বহীত চহী কৰা আৰু অন্যান্য তদাৰকী ব্যৱস্থাসমূহকে ধৰি বাধ্যতামূলক আনুষ্ঠানিকতাসমূহ সম্পন্ন কৰা হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট ইউ জিৰ পৰীক্ষা নিকা, সুৰক্ষিত আৰু দায়ৱদ্ধভাৱে ...

June 9, 2026 8:02 PM

views 16

কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে আজি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে

কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে আজি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে আৰু অহা ২১ জুনত পুনৰ হ'বলগীয়া চিকিৎ‍সা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা, নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ গোপনীয়তা বৰ্তাই ৰাখি প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ পৰা সকলো প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত পৰীক্ষণ সামগ্...

June 14, 2025 8:36 PM

views 50

নীট-ইউ জিৰ ফলাফল ঘোষণা

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নাম ভৰ্তিৰ নীট-ইউ জিৰ ফলাফল ঘোষণা কৰিছে। স্কোৰ কাৰ্ড পৰীক্ষাৰ আনুষ্ঠানিক ৱেবচাইট ntaneet.nic.in ত উপলব্ধ কৰোৱা হৈছে। প্ৰাৰ্থীসকলে এই ৱেবচাইটৰ জৰিয়তে নিজৰ স্কোৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু মেধাৰ তালিকা চাব পাৰিব। চাৰি মে'ত দেশৰ ৫৫২ খন আৰু বিদেশত ১৪ খন চহৰৰ পাঁচ হাজাৰ ৪০০ ৰো অধিক কেন্দ্ৰত অনুষ্ঠিত এই পৰীক্ষাত ২২ লাখৰো অধিক শিক্ষার্থী অৱতীৰ্ণ হৈছিল। ৰাজস্থানৰ মহেশ কুমাৰে এই পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে। মধ্যপ্ৰদেশৰ উৎকৰ্ষ অৱধীয়াই দ্...

June 3, 2025 12:49 PM

views 47

অহা ১৫ জুনত হ’বলগীয়া নীট পিজি পৰীক্ষা সাময়িকভাৱে পিছুৱাই দিয়াৰ কথা ঘোষণা উচ্চতম ন্যায়ালয়ৰ

চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা পৰিষদে অহা ১৫ জুনত স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে হ'বলগীয়া চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা, নীট পিজি সাময়িকভাৱে পিছুৱাই দিয়াৰ কথা ঘোষণা কৰিছে। উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশ অনুসৰি পৰিষদে এই পৰীক্ষা একেটা ছিটতে অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিছে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ বাবে অধিক কেন্দ্ৰ আৰু আন্তঃগাঁথনিৰ খাতিৰত এই সিদ্ধান্ত লোৱা হৈছে। পৰীক্ষাৰ নতুন তাৰিখ শীঘ্ৰেই ঘোষণা কৰা হ'ব বুলি পৰিষদে প্ৰকাশ কৰিছে।

April 23, 2025 7:18 PM

views 88

JEE আৰু NEET-ৰ বাবে বিনামূলীয়া আৱাসিক শিক্ষা প্ৰদান অইল প্ৰজ্ঞান ছুপাৰ-থাৰ্টিৰ

অইল ইণ্ডিয়া লিমিটেডৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ দ্বাৰা পৰিচালিত আর্থিকভাৱে দুৰ্বল মেধাৱী শিক্ষার্থীসকলক অইল প্ৰজ্ঞান ছুপাৰ-থাৰ্টিৰ জৰিয়তে অভিযান্ত্ৰিক সংযুক্ত প্ৰৱেশ পৰীক্ষা চমুকৈ JEE আৰু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱেশৰ নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা চমুকৈ NEET-ৰ বাবে বিনামূলীয়া আৱাসিক শিক্ষা প্ৰদান কৰি আহিছে। চলিত বৰ্ষত ডিব্ৰুগড় কেন্দ্ৰটোৰ পৰা JEE-ত অৱতীৰ্ণ হোৱা ৩০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২৮ গৰাকীয়ে উত্তীৰ্ণ হৈ কেন্দ্ৰটোৱে সুনাম কঢ়িয়াই আনিছে। এইবাৰ সফলতা লাভ কৰ...