June 21, 2025 1:09 PM

views 6

ফ্ৰান্সত অনুষ্ঠিত পেৰিছ ডায়মণ্ড লীগত ভাৰতৰ তাৰকা জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাৰ জয়

ফ্ৰান্সৰ ষ্টেড ছেবাষ্টিয়েন চাৰ্লটিত অনুষ্ঠিত পেৰিছ ডায়মণ্ড লীগত ভাৰতৰ তাৰকা জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাই জয়লাভ কৰিছে। দুবাৰকৈ অলিম্পিকৰ পদক বিজেতা নীৰজ চোপ্ৰাই প্ৰথমবাৰতে ৮৮ দশমিক ১-৬ মিটাৰলৈ জেভলিন দলিয়াই এই সফলতা লাভ কৰিবলৈ সমৰ্থ হয়। প্রতিযোগিতাত জাৰ্মানীৰ জুলিয়ান ৱেবাৰে ৮৭ দশমিক ৮-৮ মিটাৰেৰে দ্বিতীয় স্থান থাকে। নীৰজে এই বছৰত প্ৰথমবাৰৰ বাবে জুলিয়ান ৱেবাৰক পাছ পেলাবলৈ সমৰ্থ হৈছে। যোৱা মাহত অনুষ্ঠিত দোহা ডায়মণ্ড লীগত ৱেবাৰে ৯১ দশমিক ০-৬ মিটাৰলৈ জেভলিন দলিয়াই নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগব...