May 31, 2025 7:45 PM

views 16

ধাৰাসাৰ বৰষুণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্ৰা বাৰুকৈয়ে ব্যাহত

দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে দেশৰ আন কোনো ঠাইৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্ৰা বাৰুকৈয়ে ব্যাহত হৈছে। বৰষুণ এৰাৰ ফলত গুৱাহাটী মহানগৰীকে ধৰি অসমৰ কেতবোৰ ঠাইত পৰিস্থিতি কিছুপৰিমাণে উন্নত হৈছে যদিও ভালেমান অঞ্চল এতিয়াও যোগাযোগ বিচ্ছিন্ন হৈ আছে। বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি গুৱাহাটীকে ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে। প্রতিকুল বতৰকো নেওচি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিষয়া-কৰ্মচাৰীসকলে দুৰ্...